দেৰগাঁৱৰ শোকাৱহ পথ দুৰ্ঘটনা : GMCH ত চিকিৎসাধীন চাৰিগৰাকীৰ অৱস্থা সুস্থিৰ - Dergaon Bus accident
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-01-2024/640-480-20427693-thumbnail-16x9-gmchnn.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 4, 2024, 4:13 PM IST
গুৱাহাটী, 4 জানুৱাৰী : গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা চাৰিজন ৰোগীৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ এই কথা জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই ৷
দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনা সন্দৰ্ভত GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মাই কয় "বুধবাৰে নিশা 3 জন ৰোগীক অনা হৈছে ৷ বৃহস্পতিবাৰে পুৱা অৰূপ শইকীয়াক অনা হৈছে ৷ গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা চাৰিজন ৰোগীয়ে বৰ্তমান সংকটমুক্ত ৷ প্ৰীতি শইকীয়াই অহাৰ পিছত এবাৰ সংজ্ঞা হেৰুৱাইছিল আৰু নাকেৰে ব্লিডিং হৈছিল, এতিয়া সুস্থিৰ ৷ প্ৰীতি শইকীয়াৰ প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব ৷ মৃদুল শইকীয়াৰ কামি হাড় ভাঙিছে আৰু মূৰত আঘাত পাইছিল ৷ বৰ্তমান তেওঁ সংকটমুক্ত ৷"
ইফালে আন এগৰাকী আহত কুলুমণি শইকীয়াৰ সোঁফালে কামিহাড় ভাঙিছে বুলি জনায় অধীক্ষকজনে ৷ লগতে অৰূপ শইকীয়াৰ ভৰিৰ হাড়, পিঠিৰ হাড় ভাঙিছে ৷ অৰূপ শইকীয়া আৰু মৃদুল শইকীয়াৰ আঘাত অলপ বেছি বুলি কয় তেওঁ ৷ প্ৰীতি শইকিয়াৰ প্লাষ্টিক চাৰ্জাৰীৰ ব্যৱস্থা সোনকালেই কৰা হ’ব বুলি জানিবলৈ দিয়ে তেওঁ ৷ আটাইকেইজনৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া হ'ব ৷
লগতে পঢ়ক : গুৱাহাটীৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনা হ’ব বিশেষজ্ঞ চিকিৎসক-স্বাস্থ্যমন্ত্ৰী