Foundation stone of road construction : একেদিনাই বৰক্ষেত্ৰীত 4 টা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন বিধায়ক দিগন্ত বৰ্মণৰ - আধাৰশিলা স্থাপন
🎬 Watch Now: Feature Video
নলবাৰী, ২ মে’ : সোমবাৰে বৰক্ষেত্ৰীৰত 4 টা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক দিগন্ত বৰ্মণে (Foundation stone of road construction laid at barkhetri) ৷ নলবাৰী জিলাৰ মুকালমুৱাৰ দাগাপাৰা, ঘোগা, লোহাৰকাঠা আৰু আদাবাৰীত মুঠ চাৰিটাকৈ কামৰ শুভ উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টি বিধায়কগৰাকীয়ে (MLA Diganta Barman) ৷
লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত মুখ্যমন্ত্ৰী পকী পথ আঁচনিৰ (২০২২-২৩) বৰ্ষৰ অধীনত আৱণ্টিত দাগাপাৰাৰ পৰা ভোগীয়া চেনেল হৈ কুৰাবাহী লৈ যোৱা পকীপথচোৱাৰ লগতে, ঘোগা মেইন চকুৰ পৰা চতেমাৰীলৈ, ১ নং লোহাৰকাঠা মছজিদ চকৰ পৰা ২ নং লোহাৰকাঠা শইকীয়া পাৰালৈ আৰু লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ (২০২২-২৩) বৰ্ষৰ অধীনত আৱণ্টিত লোহাৰকাঠা-বেজকুছি পথৰ কাম শুভাৰম্ভণি কৰে বিধায়কগৰাকীয়ে (Foundation stone of road construction laid) ৷
এই অনুষ্ঠানত বিধায়ক দিগন্ত বৰ্মণৰ লগত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা, সহকাৰী অভিযন্তাৰ লগতে ঘোগা গাঁওপঞ্চায়তৰ সভানেত্ৰী ৰিজুমা বেগম, সমাজ কৰ্মী মোস্তোফা আলীৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি (Foundation stone of road construction) ৷
লগতে পঢ়ক : Karishma Nath in Majuli : সত্ৰ নগৰী মাজুলীত কৰিশ্মা নাথক প্ৰদান বৃষ্টি কন্যা উপাধি