Foundation stone laid: নাৰায়ণপুৰত পয় খেক বান ফিৰ ৰূপালী জয়ন্তী সমাৰোহৰ লাইখুঁটা স্থাপন - নাৰায়ণপুৰত পয় খেক বান ফিৰ ৰূপালী জয়ন্তী সমাৰোহ
🎬 Watch Now: Feature Video
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহাসিক মাঘনোৱা দৌল প্ৰাংগনত অহা ৩০ আৰু ৩১ ডিচেম্বৰত ফুৰালুঙ পন্থী তাই আহোম সকলৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান খেক বান ফিৰ ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হ'ব (Foundation stone laid of silver jubilee ceremony) ৷ দেশ আৰু জাতিৰ মংগলৰ কাৰণে অনুষ্ঠিত কৰা এই সমাৰোহখনৰ দেওবাৰে সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে লাইখুঁটা স্থাপন কৰে বিশিষ্ট টাই পণ্ডিত চাও নগেন গগৈয়ে (Poy Khek Ban Phir at Narayanpur)। যথেষ্ট সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত লাইখুঁটা স্থাপন অনুষ্ঠানটোত টাই আহোম সকলৰ কেইবাজনো নেতৃস্থানীয় লোক উপস্থিত থাকে ৷ টাই আহোম সংগঠনৰ সহযোগত অনুষ্ঠিত হ'ব লগা খেক বান ফিৰ ৰূপালী জয়ন্তী সমাৰোহৰ মূল কাৰ্যসূচীত মন্ত্ৰী যোগেন মহন (Minister Jogen Mohan), বিৰোধী দলপতি দেবব্ৰত শইকীয়া, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi) লগতে কেইবাজনো নেতৃস্থানীয় ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সকলে জনাইছে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST