Teok Jatiya Vidyalaya Foundation Day : টীয়ক জাতীয় বিদ্যালয়ৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস - Teok Jatiya Vidyalaya 21th Foundation Day
🎬 Watch Now: Feature Video
অসম শিক্ষা সংসদৰ অধীনত প্ৰতিষ্ঠা হোৱা টীয়ক জাতীয় বিদ্যালয়ে ২০ টা বছৰ অতিক্ৰম কৰিলে । শনিবাৰে বিদ্যালয়খনে ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে (Teok Jatiya Vidyalaya 21th Foundation Day)। বিদ্যালয়ৰ প্ৰাংগণত আয়োজিত এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱাই পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয় । স্মৃতি তৰ্পণ, প্ৰদৰ্শনীকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছত টীয়ক জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰদীপ চুতীয়াৰ সভাপতিত্বত এখন মুকলি সভাৰ আয়োজন কৰা হয় । বিদ্যালয়ৰ সচিব সৌৰভ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা উক্ত মুকলি সভাত জ্ঞানপীঠৰ শৈক্ষিক উপদেষ্টাদ্বয়, জ্ঞানপীঠ একাডেমীৰ অধ্যক্ষ ঋষেশ্বৰ শৰ্মা, বিশিষ্ট অতিথি হিচাপে যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক ললিত বৰা, নিৰ্দিষ্ট বক্তা হিচাপ যোৰহাট তাৰকাগৃহৰ তত্বাৱধায়ক বিজ্ঞানী ড৹ প্ৰণৱ চেতীয়া উপস্থিত থাকে । উক্ত সভাত বক্তা বিজ্ঞানী ড৹ প্ৰণৱ চেতীয়াই প্ৰকৃতিৰ সৌন্দৰ্য আৰু সংহতিৰ ওপৰত মূল্যৱান ভাষণেৰে সকলোকে আপ্লুত কৰে । উক্ত সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা স্থানীয় বহুসংখ্যক ব্যক্তি উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:38 PM IST
TAGGED:
Teok Jatiya Vidyalaya