Shiladitya Dev: ৰাজ্যত লাভ জিহাদেই নহয়, চলিছে কৃষি জিহাদ; শিলাদিত্য দেৱ - shiladitya dev react on agricultural jihad
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, ২২ জুলাই: "ৰাজ্যত কেৱল লাভ জিহাদেই নহয়, কৃষি খণ্ডতো চলি আছে এই জিহাদ ।" এই বিস্ফোৰক মন্তব্য হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ । আজি বৰাকত এইদৰে মন্তব্য় কৰি তেওঁ কয় যে ৰাজ্যখনত হিন্দু ছোৱালীৰ বিৰুদ্ধে লাভ জিহাদৰ উপৰি বাংলাদেশী মুছলমানসকলে কৃষি খণ্ডতো আন এক জিহাদ চলাই আছে ।
বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে পুনৰ কয় যে ৰাজ্যৰ কৃষি খণ্ডত এই জেহাদৰ নাম "কৃষি জিহাদ"। ফলত ইচ্ছাকৃতভাৱে কীটনাশক ঔষধেৰে শাক-পাচলিৰ খেতি কৰা হয় । তেওঁ কয় যে বাংলাদেশীমূলৰ মুছলমানসকলে নিজৰ বাবে পুষ্টিকৰ পাচলি আৰু আনৰ বাবে কীটনাশক ভৰ্তি শাক-পাচলি উৎপাদন কৰি আহিছে । তেওঁ কয় যে মাছ উৎপাদনতো একে পদ্ধতি অনুসৰণ কৰা হৈছে ।
বিতৰ্কিত বিজেপি নেতাগৰাকীৰ মতে, ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ প্ৰতিজন মুছলমানে হিন্দু ধৰ্মৰ পৰা ধৰ্মান্তৰিত হৈছে । তথাপি বেছিভাগ মুছলমানেই হিন্দু ধৰ্মৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত । আনহাতে, শিলাদিত্য দেৱে হিন্দু ছোৱালীৰ পিতৃ-মাতৃক সন্তানৰ প্ৰতি অধিক সাৱধান হ'বলৈ আহ্বান জনায় ।
লগতে পঢ়ক:Manipur Violence : মণিপুৰৰ ঘটনাই বিশ্ববাসীৰ সন্মুখত ভাৰতক লজ্জানত কৰিলে; ড০ নগেন শইকীয়া