Ex Minister Gunin Hazarika: গুৰুতৰ হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা - Tezpur Medical College hospital
🎬 Watch Now: Feature Video


Published : Sep 20, 2023, 8:09 PM IST
কলিয়াবৰ, 20 ছেপ্টেম্বৰ: গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা ৷ হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে প্ৰাক্তন মন্ত্ৰীগৰাকী ৷ সংকটজনক অৱস্থাত প্ৰাক্তন মন্ত্ৰীগৰাকীক পৰিয়ালৰ লোকে প্ৰথম অৱস্থাত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৷
ৰাজ্যৰ দুবাৰৰ কেবিনেট মন্ত্ৰী তথা কলিয়াবৰ বিধানসভা সমষ্টিৰ তিনিবাৰৰ বিধায়কগৰাকী কলিয়াবৰৰ উলুৱনীস্থত নিজ বাসগৃহত হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ অসম গণ পৰিষদ দলৰ পৰা 1986, 1996 আৰু 2001 চনৰ বিধায়ক নিৰ্বাচিত হৈছিল গুণীন হাজৰিকা ৷
উল্লেখ্য যে বৰ্তমান ৰাজ্যৰ প্ৰবীণ ৰাজনীতিকগৰাকীৰ চিকিৎসা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চলি আছে ৷ বৰ্তামানলৈকে তেওঁৰ স্বাস্থ্যৰ বিতং তথ্য জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক: Ghost in Medical College: অসমৰ এখন চিকিৎসা মহাবিদ্যালয়ত ভূতৰ উপদ্ৰৱ !