Former AGP minister Thaneswar Boro is hospitalized: প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি

By

Published : Jul 8, 2023, 10:09 AM IST

thumbnail

ৰঙিয়া, ৮ জুলাই: অগপ দলৰ প্ৰতিষ্ঠাপক নেতা, প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো চিকিৎসাধীন ৷ ৰঙিয়াৰ স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক । সম্প্ৰতি ICU ত ৰখা হৈছে থানেশ্বৰ বড়োক ।

বিগত কেইবাবছৰৰ পৰা বৃক্ক, মধুমেহ, উচ্চ-ৰক্তচাপ আৰু হৃদৰোগত ভুগি আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৱে । শুকুৰবাৰে দিনৰ ভাগত হঠাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটে থানেশ্বৰ বড়োৰ । এই খবৰ বিয়পি পৰাৰ পিচতে আত্মীয়ৰ লগতে বড়ো সাহিত্য সভাৰ লোকে চিকিৎসালয়ত ভিৰ কৰে । 

উল্লেখ্য যে, ৰঙিয়া সমষ্টিৰ তিনিবাৰকৈ বিধায়ক আছিল থানেশ্বৰ বড়ো । তেওঁ ১৯৮৫ৰ পৰা ১৯৯০ চনলৈকে অগপ চৰকাৰৰ পৰিকল্পনা আৰু ৰাজহ মন্ত্ৰী, ১৯৯১ৰ পৰা ১৯৯৬ চনলৈকে বিধায়ক আৰু ১৯৯৬ ৰ পৰা ২০০১ লৈকে শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল ।

লগতে পঢ়ক: Chirang Fire Service Station Inauguration: নিম্নখাপৰ চিন্তা কৰা ব্যক্তি নেকি হাগ্ৰামা !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.