Foresters shoot poachers: পেঙেৰীত বনদস্যুক লক্ষ্য কৰি বনবিভাগৰ গুলীচালনা - বনবিভাগৰ গুলাচীলনা
🎬 Watch Now: Feature Video


Published : Sep 8, 2023, 4:36 PM IST
|Updated : Sep 8, 2023, 5:22 PM IST
তিনিচুকীয়া, ৮ ছেপ্টেম্বৰ: দীৰ্ঘদিন ধৰি তিনিচুকীয়া জিলাৰ টেকেৰী বনাঞ্চলত বনদস্যুয়ে বনধ্বংস যজ্ঞ চলাইছে ৷ ফলত বৃহস্পতিবাৰে পুৱতি নিশা বনদস্যুক লক্ষ্য কৰি বনবিভাগে বনাঞ্চলৰ ভিতৰত এক অভিযান চলাই ৷
ডুমডুমা বন সংমণ্ডলৰ অধীনত থকা খাটাংপানী বনাঞ্চলিক বিষয়াসহ এটা দলে টেকেৰী বনাঞ্চলত চেঞ্চৰ লগাই মূল্যবান গছ কাটি থকাৰ তথ্য লাভ কৰি বহু গভীৰ অঞ্চলত অভিযান চলাই ৷ কিন্তু বনবিভাগৰ লোক যোৱাৰ উমান পাই বনদস্যুৰ দলটোৱে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই বনকৰ্মীয়ে বনদস্যুক লক্ষ্য কৰি দুই জাইকৈ গুলী চলায় ৷ অৱশ্যে এতিয়ালৈকে বনকৰ্মীৰ গুলীত কোনো বনদস্যুৰ হতাহতি খবৰ লাভ কৰা নাই যদিও অভিযানকাৰী দলটোৱে বনদস্যুৰ দলটোৱে এৰি পলায়ন কৰা কিছু সজুঁলি জব্দ কৰে ৷
বন বিষয়া শ্ৰৱণ শইকীয়াৰ নেতৃত্বত টেকেৰী বনাঞ্চলত চলোৱা এই বিশেষ অভিযানত বনকৰ্মীৰ দলটোৱে দুটাকৈ গছ কাটিবলৈ ব্যৱহাৰ কৰা চেন্সৰ আৰু কিছু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক: Ganja smugglers arrested: জোনাই নগৰীয়া কেম্পত গাঞ্জাসহ আটক সৰবৰাহকাৰী