thumbnail

Forest excavation continues in Gibbon: গিবন অভয়াৰণ্যত অমৃত সৰোবৰৰ নামত অবৈধ খনন বন মাফিয়াৰ

By

Published : Jan 24, 2023, 6:38 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

হোলোঙাপাৰ গিবন অভয়াৰণ্য (Gibbon Wildlife Sanctuary) হৈছে অসমত অৱস্থিত চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল । ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হৈছিল । ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলখনৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল । পিছলৈ অৰণ্যখন সৰু সৰু গাঁও আৰু চাহ বাগানে আৱৰি ধৰে । ১৯শ শতিকাৰ প্ৰথম ভাগত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ কৰা হৈছিল আৰু ফলত জৈৱ বৈচিত্ৰও বৃদ্ধি পায় ।

হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায় । ইয়াত পোৱা ওখ গছৰ ভিতৰত "হোলোং" গছ (Dipterocarpus macrocarpus) অন্যতম আৰু মধ্যমীয়া গছৰ ভিতৰত নাহৰ (Mesua ferrea) গছ বেছিকৈ পোৱা যায় । সৰু সৰু জোপোহা গছ আদিয়ে বাকী ঠাই আৱৰি আছে । চোৰাংকৈ গছ কটা, মানুহৰ বসতি স্থাপন আদিয়ে অৰণ্যখনলৈ বিপদ মাতি আনিছে ।

গিৱন অভয়াৰণ্যৰ Eco Sensitive zone ত এক্সকেভেটৰ ব্যৱহাৰ কৰি বন মাফিয়াই জধে মধে মাটি খনন কাৰ্য চলাই গৈছে । তাৰোপৰি চৰকাৰী আঁচনি অমৃত সৰোবৰ ৰূপায়ণৰ নামত 11 টাকৈ প্ৰজাতিৰ বান্দৰৰ আৱাসস্থলী এই অভয়াৰণ্যখনলৈ অস্তিত্বৰ সংকট নামি আহিছে ৷ মৰিয়নি সমষ্টিৰ ৫৬ নং দক্ষিন কৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাত অমৃত সৰোবৰ আঁ‌চনি ৰূপায়ণৰ নামত মৰিয়নিস্থিত বন বিভাগৰ বিষয়াক মেনেজ কৰি গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ Eco Sensitive Zone ৰ এলেকাত এক্সকেভেটৰ ব্যৱহাৰ কৰি জধে-মধে মাটি খনন কৰি আহিছে ৷  

উল্লেখ্য যে অমৃত সৰোবৰ আঁচনিখন হৈছে ৰাজ্যৰ অৰ্থনৈতিক ভেটি সৱল কৰাৰ লক্ষ্যৰে বিজ্ঞানসন্মত পুখুৰী খান্দি সেই পুখুৰীত বিজ্ঞানসন্মতভাৱে মীন পালনৰ লগতে মূল্যবান বৃক্ষৰোপণৰ ব্যৱস্থা কৰা । এই আঁচনিৰ অপব্যৱহাৰ কৰি গিবন অভয়াৰণ্যৰ Eco Sensitive zone ত খনন কাৰ্য চলাই গৈছে অসাধু ব্যৱসায়ীয়ে (Forest excavation continues in Gibbon) ৷ অভয়াৰণ্যখনত চলাই যোৱা এই ধ্বংসযজ্ঞ দেখি জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমীৰ লগতে স্থানীয় ৰাইজ ৷

উল্লেখ্য যে মৰিয়নিৰ ভোগদৈ নদীৰ পাৰ Eco Sensitive Zone ৰ ভিতৰত থকাৰ বাবে স্থানীয় প্ৰশাসনে বালি খনন বন্ধ কৰি ৰাখিছে ৷ কিন্তু তেনে সময়তে মৰিয়নি বন বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীৰ প্ৰত্যক্ষ সহযোগত গিবন অভয়াৰণ্যত চলাই গৈছে খনন কাৰ্য ৷  

প্ৰশ্ন হয়- চৰকাৰী আঁচনি ৰূপায়ণৰ অচিলা লৈ অভয়াৰণ্যখনৰ সমীপত কিদৰে ভূমি খনন কৰিবলৈ সক্ষম হৈছে ? বিভিন্ন সময়ত স্থানীয় লোকৰ লগতে বিভিন্ন প্ৰকৃতিপ্ৰেমী দল-সংগঠনে বিভাগীয় কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰক অৱগত কৰি আহিছে ৷ ইয়াৰ পিছতো অভয়াৰণ্যখন সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ সেয়েহে, খনন কাৰ্য বন্ধ কৰি Eco Sensitive Zone সমূহক সামৰি অভয়াৰণ্যখন সুৰক্ষিত কৰিবৰ বাবে ৰাজ্য চৰকাৰক পুনৰ এবাৰ দাবী জনালে স্থানীয় লোকে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.