বিশ্বনাথত নিমখৰ গুদামৰ পৰা উদ্ধাৰ দুটা বন্দুক, গ্ৰেপ্তাৰ দুজন - Gun supplier arrested in Biswanath
🎬 Watch Now: Feature Video
বন বিভাগৰ এটা দলে সোমবাৰে বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াৰ এটা নিমখৰ গুদামৰ পৰা দুটা বন্দুক উদ্ধাৰ কৰে (Arms recover in Biswanath chariali)। লগতে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে বন বিভাগৰ দলটোৱে । বিষ্ণু পাণ্ডিয়া নামৰ ব্যৱসায়ীজনৰ নিমখৰ গুদামৰ পৰা বন বিভাগে উদ্ধাৰ কৰে বন্দুক দুটা । বিষ্ণু পাণ্ডিয়াৰ লগতে গ্ৰেপ্তাৰ কৰে পিংকু মণ্ডল নামৰ গড় চিকাৰীক অস্ত্ৰ যোগান ধৰা এজন ব্যক্তিকো (Gun supplier arrested in Biswanath)। বন্দুক দুটা গড় হত্যা কৰোতে ব্যৱহাৰ কৰা হৈছিল বুলি জানিবলৈ দিয়ে বন বিষয়াগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:28 PM IST