ঘৰচীয়া হাতীৰে বন্যহস্তী খেদা অভিযান বন বিভাগৰ - domestic elephant
🎬 Watch Now: Feature Video


Published : Jan 11, 2024, 6:09 PM IST
নলবাৰী, 11 জানুৱাৰী : অৱশেষত নলবাৰীত বন্যহস্তী খেদিবলৈ তৎপৰ হ’ল বন বিভাগ । নলবাৰীৰ উত্তৰ অঞ্চলত বিগত আঠমাহে বন্যহস্তীৰ জাক এটাই ত্ৰাস চলাই আহিছিল ৷ বিগত সপ্তাহটোত হাতীৰ জাকটোৱে বহু লোকৰ ঘৰ-দুৱাৰকে আদি কৰি খেতিপথাৰ তহিলং কৰিছিল ।
ইয়াৰ পিচতে ৰাইজে বাৰম্বাৰ বন বিভাগক বন্যহস্তীৰ জাকটো খেদিবলৈ দাবী উত্থাপন কৰি আহিছিল ৷ অৱশেষত বৃহস্পতিবাৰে বন বিভাগৰ এটা দলে, আৰক্ষীৰ সহযোগত হাতী খেদা অভিযান চলায় ৷ বন বিভাগৰ লোকে তিনিটা ঘৰচীয়া হাতীৰ সহযোগত ৰবৰ বুলেট নিক্ষেপ কৰি বনৰীয়া হাতী খেদিবলৈ প্ৰয়াস কৰে । মাণ্ডলিক বন সংৰক্ষক(CCF)ৰ নেতৃত্বত 75 জনীয়া দল এটাই আজি কেইবাটাও ভাগত বিভক্ত হৈ হাতী খেদাৰ অভিযান চলায় ৷ সম্প্ৰতি হাতীৰ জাকটোক ভূটানলৈ খেদি লৈ যোৱা হ’ব বুলি বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ