Foreign tourists in Majuli: মাজুলীত বিদেশৰ অমৃতা আৰু ফেব্ৰিয়ে নিৰ্মাণ কৰিলে গণেশৰ মুখা - Foreign tourists making masks in Majuli

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 28, 2023, 6:36 PM IST

মাজুলী, 28 মাজুলী : মাজুলীৰ নতুন চামগুৰি সত্ৰ বুলিলেই মনলৈ ভাঁহি আহে মুখা শিল্পৰ কথা । চামগুৰি সত্ৰৰ মুখা পৃথিৱী বিখ্যাত । মাজুলীৰ নতুন চামগুৰি সত্ৰৰ মুখা চাবলৈ প্ৰতিদিনেই চামগুৰি সত্ৰলৈ আগমন ঘটে দেশী-বিদেশী বহু পৰ্যটকৰ ।

মাজুলীৰ নতুন চামগুৰি সত্ৰত মুখা নিৰ্মাণত ব্যস্ত হৈ পৰিছে দুই বিদেশী পৰ্যটক (Foreign tourists making masks in Majuli) । অতি আটোমটোকাৰীকৈ ইজৰাইলৰ অমৃতা আৰু জাৰ্মানীৰ ফ্ৰেবিওৱে মাজুলীত নিৰ্মাণ কৰিছে গণেশৰ মুখা ৷ সত্ৰৰ বৈষ্ণৱসকলৰ সমান্তৰালকৈ সত্ৰৰ বাকৰিত গোবৰ-মাটি আৰু বাঁহৰ কাঠিৰে দুয়ো নিৰ্মাণ কৰিছে এই মুখা ।

ইফালে মাজুলীত মুখা নিৰ্মাণ কৰি অভিভূত হৈ পৰিছে ইজৰাইলৰ অমৃতা (Foreign tourists are busy making masks in Majuli) । অন্যহাতে, মুখা নিৰ্মাণ কৰি অমৃতাই মুখাখনৰ নাম ৰাখিলে অৰুণ । আনকি সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত অমৃতাই কৈ গ’ল বহু কথা ৷ আনহাতে, মাজুলীৰ ৰাইজৰ আতিথ্যৰ লগতে মাজুলীৰ কলা-সংস্কৃতি, মাজুলীৰ পৰিৱেশ দেখি অভিভূত হৈ পৰিছে পৰ্যটক কেইগৰাকী ।

সময় আৰু সুযোগ পালে পুনৰ মাজুলীলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিলে পৰ্যটক কেইগৰাকীয়ে । ইফালে বিদেশী পৰ্যটক কেইগৰাকীৰ মুখাশিল্পৰ প্ৰতি আগ্ৰহ থকা দেখা আপ্লুট হৈ পৰিছে মুখ্যশিল্পীসকলো ৷

লগতে পঢ়ক : Tourists gather in Majuli: মাজুলীয়ালৰ আতিথ্যত মন্ত্ৰমুগ্ধ বিদেশী পৰ্যটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.