thumbnail

Flood effect in Assam: জোনাইত অব্যাহত বানৰ প্ৰকোপ

By

Published : Aug 4, 2023, 12:54 PM IST

জোনাই, 4 আগষ্ট : চিমেন চাপৰিৰ জয়পুৰ আৰু লামাজান অঞ্চলত থকা চেৰেন নদীৰ বাঢ়নী পানীয়ে বিধস্ত কৰিলে গাইড বান্ধ ৷ অৰুণাচলৰ লগতে অসমত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত চিমেন চাপৰিৰ জয়পুৰত চেৰেন নৈৰ বাঢ়নী পানীয়ে বৃস্পতিবাৰৰ সন্ধিয়া ছিঙিলে চৰকাৰী গাইড বান্ধ । হোৰা হোৰে পানী সোমায় অহাত বানৰ কবলত পৰিল 10 টাকৈ পৰিয়াল । 

জোনাই সমষ্টিৰ চিমেন চাপৰিৰ 1 নং জয়পুৰৰ মাজেৰে বৈ যোৱা পাহাৰীয়া চেৰেন নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে এই বিপৰ্যয়ৰ । মূহুৰ্তৰ ভিতৰতে বানে উটুৱাই লৈ যায় কাষতে নিৰ্মাণ কৰা MGNREGA ৰ গাইড বান্ধ । ইতিমধ্যেই উক্ত অঞ্চলত জোনাই মহকুমা প্ৰশাসনৰ লোক উপস্থিত হৈ ক্ষতিগ্ৰস্থক নিৰাপদ স্থানলৈ লৈ যোৱা পৰিলক্ষিত হৈছে । 

লগতে পঢ়ক : Biswajit Pegu transfered: বিক্ৰম কৈৰীক ডিব্ৰুগড়ৰ দায়িত্ব দি দিছপুৰলৈ বিশ্বজিৎ পেগু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.