Flood in Lakhimpur: নাৰায়ণপুৰত বানে উটুৱালে কালভাৰ্ট; যোগাযোগ বিচিন্ন - Flood in Lakhimpur
🎬 Watch Now: Feature Video
বিহপুৰীয়া, ১৬ জুলাই: লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বানে উটুৱাই নিলে এটি গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা কালভাৰ্ট ৷ ফলত সম্প্ৰতি পথচাৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ভোগপুৰৰ পৰা ভোলাবৰী সংযোগী গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা এটি কালভাৰ্টৰ এটা মূৰ দেওবাৰে পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানে চিঙি নিয়ে ৷ ফলত ৰাইজৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷
এই কালভাৰ্টটো তললৈ বহি যোৱাৰ লগতে এটা পাৰ পানীয়ে খহাই দিয়াত জীয়াতু ভোগিছে ৰাইজে ৷ গাড়ী, মটৰ চাইকেল আদি পাৰাপাৰ কৰিব নোৱৰা হৈছে ৷ ৰাইজে অতি সোনকালে এই কালভাৰ্টটো বিজ্ঞান সন্মতভাৱে নিৰ্মাণ কৰি যাতায়াতৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক সুচল কৰি তুলিবলৈ আহ্বান জনাইছে ৷ অন্যথা উক্ত স্থানত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
লগতে পঢ়ক: Beki river erosion turns serious: কৰাৰকুৰৰ ৰাজ্যিক ঘাইপথত জিঅ’ বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা