Flood in Barpeta: বৰপেটাৰ কেওঁটকুছিত ভদীয়া বানত কৃষকৰ হাহাকাৰ - Farmers anger against circle office

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 1:30 PM IST

 বৰপেটা, ৩ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ কেওঁটকুছিত ভদীয়া বানৰ তাণ্ডৱ ৷ ভাদ মহীয়া বানত তচ-নচ হৈ পৰিছে কেওঁটকুছি অঞ্চলৰ কৃষকৰ সপোন ৷ বানত প্লাৱিত হৈ পৰিছে কেবা শ বিঘা খেতিপথাৰ ৷ এমাহ পূৰ্বে বিভিন্ন প্ৰজাতিৰ ধান খেতি কৰা কৃষকৰ পথাৰবোৰ সেউজীয়া হৈ পৰিছিল ৷ কিন্তু কেইবাদিন ধৰি পানীৰ তলত থকাৰ ফলত ধানখেতি নষ্ট হৈ পৰাতো নিশ্চিত ৷

ইপিনে, পথাৰৰ পৰা পানী নামি যোৱালৈ পুনৰ খেতি কৰিব পাৰিব নে নাই তাক লৈয়ো চিন্তিত হৈ পৰিছে কৃষকসকল ৷ বিশেষকৈ বানত ক্ষতিগ্ৰস্ত কৃষকে কঠীয়াৰ অভাৱত পুনৰ খেতি কৰিব পাৰিবনে নাই তাক লৈ চিন্তিত হৈ পৰিছে কৃষক ৷ ফলত এইবাৰ গাঁওখনৰ সকলো কৃষিভূমি ছন পৰি ৰ'ব বুলি শংকিত হৈ পৰিছে কৃষকসকল  ৷  

আনহাতে, কৃষক ফচল যোজনাৰ অধীনত একাংশ কৃষকৰ খেতিৰ বীমা কৰা হৈছিল যদিও কৃষকসকলে বীমাৰ ধন লাভ কৰিবনে নাই সেই লৈয়ো প্ৰশ্ন উঠিছে ৷ কাৰণ কৃষি বিভাগৰ বিষয়াৰ বাদে চক্ৰ বিষয়া কাৰ্যালয়ে ক্ষতিগ্ৰস্ত কৃষকৰ কোনো খা-খবৰেই লোৱা নাই বুলি কৃষকসকলে ক্ষোভ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:State Teacher Award 2023: কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত মৰিগাঁৱৰ শিক্ষক প্ৰদীপ কুমাৰ পাটৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.