thumbnail

Holy Bhada month : ভক্তি ৰসত বিলীন সত্ৰনগৰী মাজুলী

By

Published : Aug 19, 2023, 12:52 PM IST

Updated : Aug 19, 2023, 1:43 PM IST

মাজুলী, 19 আগষ্ট : আজিৰ পৰা ভক্তি ৰসত বিলীন হৈছে সত্ৰ নগৰী মাজুলী । আজিৰ পৰা মহাপুৰুষ দুজনাৰ স্বৰ্ণিল সংস্কৃতিৰ বৰ্ণিল ঐতিহ্যৰে মুখৰিত হ’ব মাজুলীৰ আকাশ বতাহ । মাজুলীৰ 36 খন সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত গোটেই মাহজুৰি অনুষ্ঠিত হ’ব ভাদ মাহৰ নাম-কীৰ্তন । কিয়নো আজি ভাদ মাহৰ প্ৰথমটো দিন ৷

ইতিমধ্যে মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰকে আদি কৰি বিভিন্ন সত্ৰত আৰম্ভ হৈছে নাম-প্ৰসংগ । শনিবাৰে পুৱা অৰ্থাৎ পহিলা ভাদৰ পৰাই পৰা নাম-প্ৰসংগ, উঠানাম, দিহানাম, চৈধ্য প্ৰসংগ আৰম্ভ হৈছে সত্ৰানুষ্ঠানসমূহত । ভাদ মাহ বুলিলেই মনলৈ আহে কীৰ্তন ঘোষাৰে মুখৰিত এক আধ্যত্মিক পৰিৱেশ ৷

সত্ৰ-নামঘৰত পুৰুষসকলৰ লগতে আয়তীসকলৰ নামেৰে গোটেই মাহটো মুখৰিত হৈ পৰে ৷ পুৱাৰ পৰা গধূলিলৈকে ডবা, শংখ, বৰকাঁহৰ শব্দৰ লগতে বন্তি ধূপ-ধূনাৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় ৷ বিশেষকৈ গাঁও অঞ্চলৰ জীয়ৰী, বোৱাৰী, আইতাসকলৰ ব্যস্ততা হৈ পৰে এই ভাদ মাহত ৷ সত্ৰীয়া-সংস্কৃতিৰে পৰিপূৰ্ণ সত্ৰ নগৰী মাজুলীটো ভাদ মাহৰ প্ৰথমটো দিনৰ পৰা উৎসাহ পৰিলক্ষিত হয় ।

লগতে পঢ়ক : Holy Bhada month: আজি পৱিত্ৰ ভাদ মাহৰ সংক্ৰান্তি

Last Updated : Aug 19, 2023, 1:43 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.