thumbnail

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 11:59 AM IST

ETV Bharat / Videos

জোনাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ, ৮ জানুৱাৰী পৰ্যন্ত নাম অন্তৰ্ভুক্ত-শুধৰণিৰ সময়সীমা

জোনাই, ৯ ডিচেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰে জোনাইতো বিশেষ সংক্ষিপ্ত সংশোধনী ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । এই সন্দৰ্ভত জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয় এক সংবাদমেল ৷ সংবাদমেলত জোনাই মহকুমাৰ অতিৰিক্ত আয়ুক্ত শান্তনু গগৈয়ে এই সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়ায় ৷

তেওঁ উল্লেখ কৰা মতে, ৮০ নং জোনাই বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২১১০৮৫ গৰাকী ৷ ইয়াৰে ভিতৰত পুৰুষ ভোটাৰ ১০৬০৯৫ আৰু মহিলা ভোটাৰ ১০৪৭৬৩ গৰাকী ৷ লগতে চাকৰি সূত্ৰে বাহিৰত থকা ভোটাৰ সংখ্যা ২২৭ গৰাকী নাম খচৰাত অন্তৰ্ভুক্ত হৈছে ৷

এইবাৰ জোনাই সমষ্টিত মুঠ ২৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰ থকা বুলি সদৰী কৰে অতিৰিক্ত আয়ুক্তগৰাকীয়ে ৷ ইয়াৰোপৰি জোনাই নিৰ্বাচনী বিষয়া আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী সৈতে ভোটাৰ খচৰা তালিকা প্ৰকাশ সন্দৰ্ভত আলোচনা কৰে জোনাই মহকুমা অতিৰিক্ত আয়ুক্তগৰাকীয়ে ৷

উল্লেখ্য যে, ৮ ডিচেম্বৰ পৰা ৮ জানুৱাৰী ভিতৰত ভোটৰ তালিকাত নামভৰ্তি বা শুধৰণিৰ সুযোগ সকলোৱে ল’ব পৰিব বুলি সংবাদমেলযোগে জোনাই মহকুমাৰ অতিৰিক্ত আয়ুক্তগৰাকীয়ে জানিব দিয়ে ৷ লগতে তেওঁ প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ সন্দৰ্ভত দাবী আৰু নিষ্পত্তিৰ বাবে নিজ ভোট কেন্দ্ৰলৈ গৈ সংশ্লিষ্ট বি.এল. অ. বা দায়িত্বত থকা বিষয়াক লগ কৰি ভোটাৰ তালিকাত নিজৰ নাম শুদ্ধভাৱে সন্নিবিষ্ট হৈ থকাটো নিশ্চিত কৰিবলৈ জোনাইবাসীক অনুৰোধ জনায় ৷

আনহাতে, ২০২৪ চনৰ ৮ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলিও উল্লেখ কৰে জোনাই মহকুমা অতিৰিক্ত আয়ুক্ত শান্তনু গগৈয়ে ৷

লগতে পঢ়ক : বিশেষ সংক্ষিপ্ত সংশোধনী ভোটাৰ তালিকা সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.