Diwali 2023: দীপাৱলীৰ আকাশ পোহৰাব নলবাৰীৰ আতচবাজীয়ে - fire cracker factory Bahjani

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 2:24 PM IST

নলবাৰী,৭ নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো আৰু কেইটামান দিন বাকী । দীপাৱলীৰ প্ৰাক মুহুৰ্তত আকাশ ৰঙীন কৰি তুলিবলৈ সাজু হৈছে আতচবাজী কাৰখানা সমূহ। নলবাৰী জিলাৰ বাঁহজানীৰ মা আইকন আতচবাজীয়ে দৈনিক তৈয়াৰ কৰি আছে আতচবাজী,ফুলজাৰী,বিভিন্ন প্ৰকাৰৰ শ্বট। বাহজানীৰ মা আইকন আতচবাজী উদ্যোগটোত দেখিবলৈ পোৱা গৈছে ব্যস্ততা । এই উদ্যোগটোৱে নিৰ্মাণ কৰা আতচবাজী জিলাখনৰ লগতে গুৱাহাটী মহানগৰী আৰু ছিকিমলৈও ৰপ্তানি কৰি এখন সুন্দৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

ইয়াত দিনে নিশাই অঞ্চলটোৰ কেইবাজনো লোক নিয়োজিত হৈ প্ৰস্তুত কৰি আহিছে বিভিন্ন প্ৰকাৰৰ আতচবাজী । নলবাৰীৰ এই আতচবাজীৰ অসমৰ প্ৰত্যেকখন বজাৰত চাহিদা বৃদ্ধি পাইছে। উল্লেখযোগ্য যে বশাংনুক্ৰিকভাৱে চলি আহিছে নলবাৰীৰ এইটো আতচবাজী কাৰখানা । যাৰ বাবে দীপাৱলীত দিনে নিশাই ব্যস্ত হৈ পৰিছে আতচবাজী  প্ৰস্তুতত। উল্লেখযোগ্য যে পূৰ্বতে এই কাৰখানাত তৈয়াৰ হোৱা লাডেন,বাহুবলি,ইউক্ৰেইন আদি নামৰ আতচবাজীৰ চাহিদা বৃদ্ধি পাইছিল ।  

লগতে পঢ়ক:Diwali 2023 : দীপাৱলীৰ আকাশ পোহৰাবলৈ বৰপেটাৰ কাৰু শিল্পীসকল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.