Car catches fire on Road in Dibrugarh: ডিব্ৰুগড় চহৰৰ ৰাজপথত দাউ দাউকৈ জ্বলিল উঠিল বিলাসী বাহন

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 11:01 AM IST

thumbnail

ডিব্ৰুগড়,3 অক্টোবৰ : ডিব্ৰুগড় চহৰৰ ৰাজপথত দাউ দাউকৈ জ্বলিল উঠিল এখন বিলাসী বাহন । ডিব্ৰুগড়ৰ টেপৰ গাঁৱৰ ৰে’লৱে ক্ৰচিঙৰ সমীপত হঠাৎ দাউ দাউকৈ জ্বলি উঠিল বাহনখন ৷ যান্ত্ৰিক বিজুতিৰ বাবে বাহনখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে ।

বিলাসী বাহনখনৰ নম্বৰ হৈছে AS 23 M 0725 ৷ নিশাই ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী ৷ কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিয়ন্ত্ৰণ কৰে যদিও বাহনখন সম্পূৰ্ণ ৰূপে জ্বলি ছাই হয় । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ গৰাকী সঞ্জীৱ চুতীয়া । আনহাতে কথমপি জুইৰ পৰা ৰক্ষা পৰে কাষতে থকা কেইবাটাও বাসগৃহ । এই ঘটনাক লৈ নিশা ডিব্ৰুগড়ৰ টেপৰ গাঁৱত চেপা উত্তেজনাই বিৰাজ কৰে ৷ 

লগতে পঢ়ক:Orchid Park controversy: অৰ্কিড উদ্যান চৰকাৰক গটাবলৈ অখিল গগৈক লাগে মুখ্যমন্ত্ৰীৰ এটা ফোন বা এখন চিঠি !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.