Massive Fire in Majuli: মাজুলীৰ কমলাবাৰী ব্লক তিনি আলিত ভয়াবহ অগ্নিকাণ্ড - MLA Bhuban Gum in Majuli
🎬 Watch Now: Feature Video


Published : Oct 28, 2023, 10:34 PM IST
মাজুলী, ২৮ অক্টোবৰঃ লক্ষ্মী পূজাৰ আনন্দৰ মাজতে মাজুলীত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় । মাজুলীৰ কমলাবাৰী ব্লক তিনি আলিত এই ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় । নাৰায়ণ চাহু ঘৰৰ বন্তি চাকৰিৰ পৰা এই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে । এই অগ্নিকাণ্ডৰ ফলত এটা গেছ ছিলিণ্ডাৰ বিস্ফোৰণ হোৱাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে ।
পিচত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰে । ঘটনাস্থলীত মাজুলীৰ বিধায়ক ভুৱন গাম উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । উল্লেখ্য় যে বিপুল চন্দ্ৰ মুদৈৰ ভাড়াঘৰত দীপালি হালদাৰ আৰু নাৰায়ণ চাহু ভাড়াতীয়া হিচাবে আছিল । সেই ঘৰটো জুইত জাহ যায় । অগ্নিকাণ্ডৰ ফলত লক্ষধিক টকাৰ সম্পত্তি জুইত নষ্ট হয় ।
লগতে পঢ়ক:Viral audio of Hojai : উদালী উন্নয়ন ব্লকত কমিছন ন'হলে কাম নকৰে অভিযন্তাই