Financial help of social worker: কৰ্কট ৰোগত আক্ৰান্ত ৬টা পৰিয়াললৈ আৰ্থিক সাহায্য

By

Published : Jun 29, 2023, 10:32 AM IST

thumbnail

গুৱাহাটী, ২৯ জুন: সমাজসেৱক শংকৰ লাল গোৱেংকাৰ প্ৰশংসনীয় পদক্ষেপ । জীৱন ৰাম মুংগী দেৱী গোৱেংকা ট্ৰাষ্টৰ উদ্যোগত কৰ্কট ৰোগীক সাহায্য় প্ৰদান কৰা হয় । বিভিন্ন সামাজিক কামৰ লগত জৰিত শংকৰ লাল গোৱেংকাই কৰ্কট ৰোগত আক্ৰান্ত ৬ টা পৰিয়াললৈ বুধবাৰে আৰ্থিক সাহায্য় আগবঢ়ায় । মহানগৰীৰ আগশাৰীৰ কৰ্কট প্ৰতিষ্ঠান বি বৰুৱা কেন্সাৰ হাস্পতালত চিকিৎসাধীন হৈ থকা চৰকাৰৰ কোনো আঁচনিৰ সহায় লাভ নকৰা পৰিয়াল কেইটালৈ আগবঢ়াইছে ২৫ হাজাৰকৈ টকা । 

সমাজসেৱক শংকৰ লাল গোৱেংকাই ইয়াৰ পূৰ্বেও কৰ্কট প্ৰতিষ্ঠানখনত চিকিৎসাধীন ৰোগীক সহায় কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ বিভিন্ন সময়ত সহায় হোৱাকৈ সাহায্য় আগবঢ়াই আহিছে । ইপিনে, এই অনুষ্ঠানটোত উপস্থিত থাকি শংকৰ লাল গোৱেংকাই কয়," আজি মই ৬ গৰাকী কৰ্কট ৰোগীক সহায় কৰিছো । মোৰ এই সহায়ে তেওঁলোকক সহায় কৰি ভাল লাগিছে । আগন্তুক দিনতো এনে পদক্ষেপ লৈ যাম ।

লগতে পঢ়ক:World Bank delegation in Rangia: ৰঙিয়াত কৃষকৰে বিশ্ব বেংকৰ প্ৰতিনিধিৰ মতবিনিময়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.