Angkita Dutta Row Updates : অংকিতা দত্তৰ প্ৰতি কংগ্ৰেছৰ ব্যৱহাৰত ক্ষুন্ন মন্ত্ৰী অজন্তা নেওগ - প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্ত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 22, 2023, 6:50 PM IST

গোলাঘাট, 22 এপ্ৰিল : শনিবাৰে পুৱা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা ছয় বছৰৰ বাবে বহিষ্কাৰ কৰাৰ পিচতেই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Angkita Dutta controversy)৷ গোলাঘাটৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ পক্ষ লৈ কংগ্ৰেছক তুলাধূনা বিত্তমন্ত্ৰী অজন্তা নেওগৰ (Ajanta Neog reacts on Angkita Dutta )। 

মন্ত্ৰীগৰাকীয়ে কয় যে, "অংকিতা দত্তৰ ওপৰত কংগ্ৰেছে কৰা ব্যৱহাৰ দুৰ্ভাগ্যজনক। কথাখিনি ন্যায়ৰ মাজেৰে হ'ব লাগিছিল, কিন্তু কংগ্ৰেছে সেইয়া নকৰিলে । দলৰ মাজতেই যদি মহিলা সুৰক্ষিত নহয়, তেন্তে হ'ব ক'ত ? এনেকৈ হ'লে মহিলাসকল ৰাজনীতিলৈ ওলাই নাহিব। " উল্লেখ্য যে, গোলাঘাটৰ চন্দন নগৰৰ ১৩ নং ৱাৰ্ডত তিনিটাকৈ পথৰ উদ্বোধন কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ 

লগতে পঢ়ক: Angkita Dutta Row: অংকিতাৰ বিষয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ গাতহে দোষ বিচাৰি পালে ভূপেন বৰাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.