Kaliabor Female Bihu husori: কলিয়াবৰত মহিলা হুঁচৰি দলৰ বিহুৰ প্ৰস্তুতি
🎬 Watch Now: Feature Video
কলিয়াবৰ, 12 এপ্ৰিল : ৰাজ্যৰ ইমূৰ-সিমূৰ এতিয়া ৰঙালীৰ উছাহত উতনুৱা হৈ পৰিছে ৷ চাৰিওফালে ঢোল-পেঁপা-গগণাৰ মাতে ৰজনজনাই আছে ৷ বিহুৰ উছাহ একেই মাত্ৰাত সৰ্বত্ৰে পৰিলক্ষিত হৈছে ৷ কিন্তু উজনি, নামনি আৰু মধ্য অসমৰ বিহু উদযাপন ঠাইভেদে কিছু সুকীয়া (Bihu husori) ৷
উজনিৰ বিহু হুঁচৰিৰ পৰিৱৰ্তে কলিয়াবৰ-নগাঁও অঞ্চলত হুঁচৰি কীৰ্তন প্ৰচলিত হৈ আহিছে । গুৰুজনাৰ সত্ৰীয়া নাম-কীৰ্তনৰ সুস্পষ্ট প্ৰভাৱ পৰিলক্ষিত হয় এই হুঁচৰিত । পুৰুষসকলৰ সমান্তৰালকৈ মহিলাসকলেও গায় এই হুঁচৰি (Kaliabor Female Bihu husori) ৷
এইবাৰো সাজু হৈছে কলিয়াবৰৰ মহিলাসকল, প্ৰস্তুতি চলাইছে বিহু হুঁচৰিৰ আখৰাৰ । এইয়া কলিয়াবৰৰ শেনচোৱা গাঁৱৰ মহিলাসকলে হুঁচৰি কীৰ্তন কৰাৰ দৃশ্য ৷ বিহুৰ দিনা প্ৰতিজন গৃহস্থৰ ঘৰত হুঁচৰি গায় আৰ্শীবাদ দিবলৈ সাজু হৈছে গাঁওখনৰ মহিলাসকল (female Bihu husori Preparation at Kaliabor)।
লগতে পঢ়ক : World Records of Bihu: সৰুসজাইৰ প্ৰৱেশ পত্ৰ বিচাৰি কলাক্ষেত্ৰত দীঘলীয়া শাৰী