Felicitation programme at Nalbari: নৱনিযুক্ত প্ৰাৰ্থীক ঘোচ লোৱাৰ পৰা বিৰত থকাৰ আহ্বান জয়ন্ত মল্ল বৰুৱাৰ - পৰীক্ষাত স্থানপ্ৰাপ্তক সম্বৰ্দ্ধনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 30, 2023, 10:35 PM IST

Updated : May 30, 2023, 10:42 PM IST

নলবাৰী,৩০ মে': নলবাৰী নাট্যমন্দিৰত নলবাৰী সমষ্টিৰ অন্তৰ্গত নৱ নিযুক্ত প্ৰাৰ্থী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Felicitation programme in Nalbari)।  ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ উপস্থিতিত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত ৮ গৰাকী মেধাবী শিক্ষাৰ্থীৰ লগতে অসম চৰকাৰৰ এক লাখ নিযুক্তি প্ৰক্ৰিয়াত নলবাৰী সমষ্টিৰ পৰা নিযুক্তি লাভ কৰা ১২০০ ৰো অধিক প্ৰাৰ্থীক সম্বৰ্দ্ধনা আৰু অভিনন্দন জনোৱা হয় ।

উক্ত সভাত নৱনিযুক্ত প্ৰাৰ্থীসকলক মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অভিনন্দন জনাই ঘোচ লোৱাৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনায় । উক্ত সভাত সাংসদ ভূৱনেশ্বৰ কলিতা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ উপৰি জিলা উপায়ুক্ত গীতিমণি ফুকন আৰু আৰক্ষী অধীক্ষক সুধাকৰ সিঙকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:Assam CM at Silapather: বাঙালী সম্প্ৰদায়ৰ লোকক নিজকে অসমীয়া বাঙালী বুলি চিনাকী দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

Last Updated : May 30, 2023, 10:42 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.