One youth died: অমৃত সৰোবৰ পুখুৰীৰ পাৰত ফুৰিবলৈ গৈ বজ্ৰ পৰি নিহত যুৱক
🎬 Watch Now: Feature Video
Published : Aug 27, 2023, 9:32 PM IST
মৰাণ, 27 আগষ্ট: ক্ৰমাৎ প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ । দেওবাৰে মৰাণৰ ডোমৰ দলং মাজপথাৰ গাঁৱত বজ্ৰ পৰি এজন যুৱকৰ কৰুণ মৃত্যুক সাৱটি লয় ৷ আজি সন্ধিয়া মুষলধাৰ বৰষুণ হৈছে সমগ্ৰ ডিব্ৰুগড় জিলাত । বৰষুণৰ লগতেই বিজুলী-ঢেৰেকনিৰো সৃষ্টি হৈছে । তেনে সময়তেই সংঘটিত হ'য় এই শোকাৱহ ঘটনাটো । নিহত যুৱকজনৰ নাম ৰাজেশ চত্তী (১৮) বুলি জানিব পৰা গৈছে । অমৃত সৰোবৰ পুখুৰীৰ পাৰত ফুৰিবলৈ গৈছিল যুৱকজন ৷
উল্লেখযোগ্য যে, এই বৰ্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ত জিলাত বজ্ৰ পৰি কেইবাজনো ব্যক্তিৰ মৃত্যু হৈছে । কেইটামান দিনৰ পূৰ্বেই মৰাণৰ ২ নং লুকুমাইত বজ্ৰ পৰি ৰমেশ ভক্তা (মাথু) নামৰ ৪৪ বছৰীয়া এজন লোকৰ মৃত্যু হয় । আজিৰ দৰে সন্ধিয়া অহা প্ৰৱল বৰষুণৰ মাজতে গৰু আনিবলৈ যাওঁতে বজ্ৰ পৰাৰ ফলত এই ঘটনা সংঘটিত হৈছে ।
লগতে পঢ়ক: Suicide inside MP's residency: বিজেপি সাংসদ ৰাজদ্বীপ ৰয়ৰ বাসগৃহত উদ্ধাৰ কিশোৰৰ মৃতদেহ