Farmers now busy: ৰঙিয়াত শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত কৃষিজীৱী গঞা - ধানৰ খেতি পৰীক্ষা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 3, 2023, 1:09 PM IST

ৰঙিয়া, 3 আগষ্ট : ৰঙিয়াৰ নকুলত শাওনৰ পথাৰত কৃষকৰ সিমাহীন ব্যস্ততা । সমানে সমানে মহিলাসকল ব্যস্ত হৈ পৰিছে হৈছে কৃষি কৰ্মত । কাৰো যেন আহৰি নাই মূৰ তুলিবলৈ ৷ কিয়নো উন্নত প্ৰজাতিৰ 10 বিধ ধানৰ খেতি পৰীক্ষা কৰা হৈছে নকুল গাঁৱৰ খেতি পথাৰত ।

কৃষি বিভাগৰ অধীনষ্ঠ এপাৰ্টৰ সহায়ত বিনামূলীয়াভাৱে উন্নতমানৰ 10 বিধ ধানৰ বীজ প্ৰদান কৰা হৈছিল ৷ ইয়াৰে ভিতৰত যিসমূহ ধানে ভাল ফল দেখুৱাব সেইসমূহ বীজ অনাগত দিনত কৃষকৰ মাজত বিতৰণ কৰা হ’ব । এই অঞ্চলৰ বহু খেতিয়কে প্ৰশিক্ষণ লৈ বিজ্ঞানসন্মতভাৱে উন্নত প্ৰজাতিৰ ধানৰ ভূঁই ৰোপণ কৰিছে । কৃষি বিভাগৰ অধীনস্থ এপাৰ্টৰ পৰা বিনামূলীয়াকৈ লাভ কৰা এই ধানৰ বীজেৰে আধুনিক প্ৰযুক্তিৰে খেতি কৰি এইসকল কৃষকে যথেষ্ট লাভবান হৈছে ।

পৰম্পৰাগত পদ্ধতিৰ তুলনাত যথেষ্ট ধান পাবলৈ সক্ষম হৈছে কৃষকসকল । কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগৰ পৰা লাভ কৰিছে পৰ্যাপ্ত সা-সুবিধা । এইসকল কৃষকে নিজে স্বাৱলম্বী হৈ এক নিদৰ্শন দাঙি ধৰি বহু লোকক দেখুৱাইছে কৃষি কৰ্মৰে উপাৰ্জন কৰাৰ পথ ৷

লগতে পঢ়ক : Dragon Fruits Farming : লমা-লমে লাগিছে ড্ৰেগন ফল; আব্দুল লতিফৰ মুখত সুখৰ হাঁহি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.