আজিও ঘূৰি নাহিল অৱণী শৰ্মা ওৰফে নীলু চক্ৰৱৰ্তী, সংস্থাপনৰ আহ্বান পৰিয়ালৰ - Peace Accord
🎬 Watch Now: Feature Video


Published : Dec 30, 2023, 2:36 PM IST
নলবাৰী,৩০ ডিচেম্বৰ: শান্তি চুক্তি সম্পন্ন হ'ল আলোচনাপন্থী আলফা আৰু চৰকাৰৰ মাজত । পিছে আজিও সন্ধান নাই বহু আলফা নেতাৰ । সন্ধানহীন আলফা নেতাৰ পৰিয়ালে আশাৰে বাট চাই ৰৈছে নঙলা মুখলৈ । নলবাৰীৰ মাধাপুৰৰ এটা পৰিয়ালৰ পৰা প্ৰায় ১৯৮৫ চনতে স্বাধীন অসমৰ সপোন আলফালৈ গৈছিল অৱণী শৰ্মা ওৰফে নীলু চক্ৰৱৰ্তী। কিন্তু ২০০৩ চনত চলা অল ক্লিয়েৰ অপাৰেচনৰ সময়ৰে পৰা আজিও নিৰুদ্দেশ হৈ আছে আলফা নেতাগৰাকী ।
ইয়াৰে মাজতে শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছত পৰিয়ালৰ লোকক সংস্থাপন দিয়াৰ কথা উল্লেখ কৰে নীলু চক্ৰৱৰ্তীৰ জ্যেষ্ঠ ভাতৃ ধীৰেন্দ্ৰ নাথ শৰ্মাই । চৰকাৰীভাৱে পৰিয়ালসমূহক উপকৃত হ'ব পৰাকৈ সংস্থাপন দিবলৈ আহ্বান নীলু চক্ৰৱৰ্তী ওৰফে অৱণী শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ধীৰেন্দ্ৰ নাথ শৰ্মাৰ । তেওঁ জনোৱা অনুসৰি নীলু চক্ৰৱৰ্তীৰ পত্নী আৰু পুত্ৰই গুৱাহাটীত ব্যক্তিগত খণ্ডত কাম কৰি চলাই আছে সংসাৰ ।
লগতে পঢ়ক: আলফা-চৰকাৰৰ শান্তিচুক্তিক আদৰণি প্ৰাক্তন আলফা ঐক্যমঞ্চৰ