Fake journalist arrested: ধন দাবীৰ অভিযোগত আটক দুই ভুৱা সাংবাদিক
🎬 Watch Now: Feature Video
ফেচবুককে ধৰি বিভিন্ন সামাজিক মাধ্যমত পেজ খুলি নিজকে স্বয়ম্ভু সাংবাদিক বুলি পৰিচয় দি একাংশ জড়িত হৈ পৰিছে ব্লেকমেইল, ধন দাবীকে আদি কৰি বিভিন্ন অনৈতিক কাৰ্যত ৷ শেহতীয়াকৈ তেনে এক ঘটনাই পোহৰলৈ আহিছে ৰূপহীহাটত ৷ ধন দাবী কৰাৰ অভিযোগত আটক হ’ল দুই ভুৱা সাংবাদিক (So called journalists arrested for extorting money) ৷ আটকাধীন সাংবাদিক দুজন ৰূপহীহাট থানাৰ অন্তৰ্গত কুমাৰ গাঁৱৰ ৱাইজুদ্দিন আৰু বৰপেটা গাঁৱৰ ফুৰকানুল ইছলাম বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ফুৰকানৰ বিৰুদ্ধে পূৰ্বেও বহুকেইটা অপৰাধমূলক কাৰ্যত জড়িত হৈ থকাৰ অভিযোগত গোচৰ ৰুজু হৈ থকা বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ বিভিন্ন অনৈতিক কাৰ্যকলাপৰ ইতিহাস ঢাকিবলৈকে ফুৰকানে বাছি লৈছিল সাংবাদিকতাৰ পেছা । ইয়াৰ পাছতেই বিভিন্নজনক ধন দাবী কৰি ধন ঘটাৰ আন এক কৌশল গ্ৰহণ কৰিলে লগৰীয়া ৱাইজুদ্দিন আৰু ধুৰন্ধৰ ফুৰকানে । পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ উক্ত আপ্ত বাক্যশাৰীয়েই প্ৰযোজ্য হ'ল তিনিমহীয়া এই স্বয়ম্ভু সাংবাদিক দুজনৰ ক্ষেত্ৰত । অৱশেষত ৰূপহীৰ নতুন বজাৰৰ এখন দোকানত ধন দাবী কৰি আটক হ'ল এই দুই ভুৱা সাংবাদিক ।
Last Updated : Feb 3, 2023, 8:31 PM IST