Crime in Barpeta: কলগাছিয়াত ৫ লাখ টকাৰ জাল নোটসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - Fake currency trader arrested in Kalgasia
🎬 Watch Now: Feature Video
জনিয়া, ৬ মাৰ্চ: ৰাজ্যত অব্যাহত জাল নোটৰ ৰমৰমীয়া বেহা । আৰক্ষীয়ে এই বেহাৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও ইয়াৰ বেহা চলিয়েই আছে । ইয়াৰ মাজতেই বৰপেটা জিলাৰ কলগাছিয়াৰ শওপুৰত জাল নোটসহ এজনক গ্ৰেপ্তাৰ । আৰক্ষীয়ে নগদ ৫ লাখ টকাৰ জাল নোট উদ্ধাৰ কৰিছে (Fake currency seized in Kalgasia)।
এই ঘটনাৰ সৈতে জড়িত মুস্তাফিজুৰ ৰহমান নামৰ জাল নোট সৰবৰাহকাৰী এটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । জিলাখনৰ হাউলীৰ পৰা অভয়াপুৰীলৈ গৈ থকা অৱস্থাতেই শওপুৰ পেট্ৰ'ল পাম্পৰ ওচৰত বৰপেটা আৰক্ষীয়ে সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে (Fake currency trader arrested in Kalgasia) ।
দেওবাৰে বিয়লি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰ পেট্ৰ'ল পাম্পৰ সন্মুখত বৰপেটা আৰক্ষীয়ে অভিযান চলাই পাঁচ লাখ টকাৰ জাল নোটসহ সৰবৰাহকাৰীটোক হাতে লোটে গ্ৰেপ্তাৰ কৰে (Barpeta police on mission against Fake currency)।
ধৃত মুস্তাফিজুৰ ৰহমানৰ ঘৰ অভয়াপুৰীত বুলি জানিব পৰা গৈছে । মুস্তাফিজুৰে জাল নোটখিনি সৰবৰাহ কৰিবলৈ হাউলীৰ পৰা অভয়াপুৰীলৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছতেই বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ জাল নোটসহ সৰবৰাহকাৰীটোক বৰপেটা সদৰ থানালৈ লৈ যায় ।