গোৱালপাৰাত বৃহৎ পৰিমানৰ জালনোট জব্দ, এজন আটক - গোৱালপাৰা
🎬 Watch Now: Feature Video


Published : Jan 6, 2024, 10:40 PM IST
গোৱালপাৰা, 6 জানুৱাৰী: গোৱালপাৰা জিলাৰ কৃষ্ণাইত জালনোটৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ অভিযান ৷ অভিযানত কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত নিকটৱৰ্তী চকুধোৱা বিদ্যাপাৰাত জালনোট সৰবৰাহকাৰী আটক কৰাৰ লগতে নগদ ৫২ লাখ টকা পৰিমানৰ জালনোট উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
আটকাধীন নকল টকা সৰবৰাহকাৰী যুৱকজনৰ নাম ৰচিদুল ইছলাম ৷ গোপন সূত্ৰৰ পম খেদি কাৰ্বি আলং আৰক্ষীয়ে কৃষ্ণাই আৰক্ষীৰ সহযোগত কৃষ্ণাইৰ চকুধোৱা বিদ্যাপাৰাৰ ৰচিদুল ইছলামৰ গৃহত অভিযান চলায় ৷ অভিযানত আৰক্ষীয়ে নকল ৫০০ টকীয়া নোটৰ ৫২ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷
জালনোটৰ চক্ৰটোত আন লোকো জড়িত আছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে কাৰ্বি আংলং আৰক্ষীয়ে কৃষ্ণাইৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আছে ৷ উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাই জালনোটৰ ব্যৱসায়ত অভিযুক্ত কেবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ জালনোটৰ লগত জড়িত অভিযুক্তৰ স্বীকাৰোত্তিৰ ভিত্তিতে কৃষ্ণাইত কাৰ্বি আংলং আৰক্ষীয়ে কৃষ্ণাই আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই বৃহৎ পৰিমানৰ এই জালনোটসহ ৰচিদুল ইছলাম নামৰ সৰবৰাহকাৰীজনক আটক কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক: মাঞ্জা-গোৱালপাৰাত বিলাসী বাহনসহ বৃহৎ পৰিমাণৰ জাল নোট জব্দ