Drive against illicit liquor : অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান - অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান
🎬 Watch Now: Feature Video
তিনিচুকীয়া, 30 মাৰ্চ : তিনিচুকীয়া সদৰ আবকাৰী বিভাগৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৷ বৃহস্পতিবাৰে তিনিচুকীয়া সদৰ আবকাৰী পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত আবকাৰী বিভাগ, অৰ্ধসামৰিক বাহিনী, সশস্ত্ৰ আৰক্ষী আৰু তিনিচুকীয়া সংৰক্ষিত আৰক্ষী বাহিনীৰ মহিলা আৰক্ষীৰ এটা বৃহৎ দলে বাৰেকুৰি আৰক্ষী থানাৰ অন্তৰ্গত গৰিয়াটিং (কাঠনিচুক) গাঁৱত আৰু গুইজান আৰক্ষী চকীৰ অন্তৰ্গত নতুন গাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় ৷ উক্ত অভিযানত বুজন পৰিমাণৰ চুলাই মদ আৰু চুলাই প্ৰস্তুত কৰা গেলাপাছ নষ্ট কৰে দলটোৱে । আবকাৰী বিভাগৰ সদৰ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাই জানিবলৈ দিয়া অনুসৰি অভিযানকালত দলটোৱে প্ৰায় ৮০ লিটাৰ চুলাই মদ, প্ৰায় ৭৫০০ লিটাৰ চুলাই প্ৰস্তুত কৰা গেলাপাছ, চুলাই প্ৰস্তুতত ব্যৱহৃত ভালেসংখ্যক সা-সৰঞ্জাম কাটি-ভাঙি নষ্ট কৰাৰ লগতে মুঠ পাঁচটাকৈ চুলাই ভাটি উচ্ছেদ কৰে (Destroyed liquor and tobacco products in Tinsukia) ।
লগতে পঢ়ক : Pds Rice Seized in Barpeta: কলগাছিয়াত জব্দ বৃহৎ পৰিমাণৰ চাউল