Illegal Liquor in Tinsukia : তিনিচুকীয়াত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান - Barekuri Police station
🎬 Watch Now: Feature Video
মঙলবাৰে তিনিচুকীয়াত চলিল চুলাই মদৰ বিৰুদ্ধে অভিযান (Illegal liquor in Tinsukia)৷ তিনিচুকীয়া সদৰ আবকাৰী পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত আবকাৰী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে চলালে অভিযান ৷ বাৰেকুৰি আৰক্ষী থানাৰ(Barekuri Police station) অন্তৰ্গত লেছেংকা, বৰগাঁও, দীঘলসাঁকো আৰু গুইজান আৰক্ষী চকীৰ অন্তৰ্গত বালিজান নতুন গাঁৱৰ মুঠ সাতটা স্থানত অভিযান চলাই নষ্ট কৰিলে সুৰা আৰু চুলাই প্ৰস্তুত কৰা গেলাপাছ (Illegal liquor destroyed in Tinsukia)৷ অভিযানকালত দলটোৱে প্ৰায় ২৪০ লিটাৰ চুলাই মদ আৰু প্ৰায় ৫৮০০ লিটাৰ চুলাই প্ৰস্তুত কৰা গেলাপাছৰ লগতে সুৰা প্ৰস্তুতত ব্যৱহৃত ভালেসংখ্যক সা-সৰঞ্জাম নষ্ট কৰে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST