আলফা-চৰকাৰৰ শান্তিচুক্তিক আদৰণি প্ৰাক্তন আলফা ঐক্যমঞ্চৰ - আলফা চৰকাৰৰ শান্তিচুক্তি
🎬 Watch Now: Feature Video


Published : Dec 29, 2023, 10:46 PM IST
মৰিগাঁও, 29 ডিচেম্বৰ: দেশৰ ৰাজধানী নতুন দিল্লীত আলফা-চৰকাৰৰ বহুপ্ৰত্যাশিত শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিচতে শুকুৰবাৰে মৰিগাঁৱত প্ৰাক্তন আলফা ঐক্য মঞ্চ আৰু আলফা ছহিদ সমন্বয়ৰক্ষী সমিতিৰ একাংশ নেতা-সদস্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । বহুচৰ্চিত আলোচনাপন্থী আলফা-চৰকাৰৰ শান্তিচুক্তিক আদৰণি জনালে মৰিগাঁৱৰ আলফা ছহিদ সমন্বয়ৰক্ষী সমিতিৰ লগতে প্ৰাক্তন আলফা ঐক্যমঞ্চৰ বিষয়ববীয়াই ৷
অসমৰ জাতীয় স্বাৰ্থত স্বাক্ষৰিত হোৱা এই আলফা আৰু কেন্দ্ৰীয় চৰকাৰ চুক্তিখন যাতে কেৱল চুক্তি হৈ নাথাকে তাৰ বাবে চৰকাৰক আহ্বান মৰিগাঁও প্ৰাক্তন আলফা ঐক্য মঞ্চৰ মৰিগাঁও জিলা সমিতিৰ উপ সভাপতি ৰোহিন্দ নাৰায়ণ ডেকাৰ লগতে আলফা ছহিদ সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় সম্পাদক লাচিত ডেকাৰ ৷ আনহাতে লাচিত ডেকাই পৰেশ বৰুৱাক শান্তিৰ মাজলৈ আহিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় ৷
লগতে পঢ়ক: একপক্ষীয় চুক্তিৰে অসমত শান্তি প্ৰতিষ্ঠা অসম্ভৱ: পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ মনৰ কথা