হোজাইত EVM প্ৰদৰ্শন কেন্দ্ৰ মুকলি - Lok Sova Election 2024
🎬 Watch Now: Feature Video


Published : Jan 17, 2024, 2:30 PM IST
হোজাই, ১৭ জানুৱাৰী: সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি হোজাই জিলা প্ৰশাসনৰ । বুধবাৰে হোজাই জিলা প্রশাসনে জিলা আয়ুক্তৰ কার্যালয়ত উদ্বোধন কৰে ই ভি এম প্রদর্শন কেন্দ্র । ২০২৪ৰ লোক সভা নিৰ্বাচনৰ প্ৰাকঃমূহুৰ্ত্বত ভোটাৰ ৰাইজ বিশেষকৈ নতুন ভোটাৰসকলৰ সুবিধার্থে এই সেৱা মুকলি কৰে হোজাইৰ জিলা আযুক্ত লাচিত কুমাৰ দাসে । আগন্তুক দুমাহ পর্যন্ত ভোটাৰৰ সুবিধার্থে আযুক্তৰ কাৰ্যালয়ত এই সুবিধা ৰাইজৰ বাবে মুকলি থাকিব । ভোটাৰ ৰাইজে ই ভি এমৰ জৰিয়তে কেনেদৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিব ।
লগতে নতুন ভোটাৰসকলে ই ভি এমৰ ব্যৱহাৰো শিকিব পাৰিব । বিন্নাকান্দি উন্নয়ন খণ্ডৰ কার্যালয়, হোজাই আৰু লংকা ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়তো স্থাপন কৰা হব ই ভি এম প্রদর্শন কেন্দ্র । লোক সভা নির্বাচনৰ আচৰণবিধি বলবৎ হোবা পর্যন্ত ভোটাৰসকলক ই ভি এম প্রদর্শন কৰা হ'ব । ই ভি এম প্রদর্শন অনুষ্ঠানত হোজাইৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, জয়শংকৰ শর্মা, সুনাশ্রী ব্রহ্ম, হোজাই জিলা নির্বাচনী বিষয়া কিষাণ জ্যোতি ডেকাৰ সহ ভালেকেইজন বিষয়া উপস্থিত থাকে ।
লগতে পঢ়ক: গোলাঘাটত EVM প্ৰদৰ্শন কেন্দ্ৰ মুকলি