Eviction drive in Lanka: হোজাইৰ লংকাত পৌৰ এলেকাত উচ্ছেদ অভিযান - Eviction drive in Lanka
🎬 Watch Now: Feature Video

হোজাই, 8 জুন: হোজাইৰ লংকা চহৰত পৌৰ সভাৰ এলেকাত উচ্ছেদ অভিযান (Lanka Municipal Board Hojai) ৷ হোজাইৰ লংকাত পৌৰ সভাৰ এলেকাত কিছু সংখ্যক ব্যৱসায়ীয়ে অবৈধভাৱে দোকানৰ এলেকা বঢ়াই এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে একাংশ ব্যৱসায়ীয়ে ৰাজপথ দখল কৰি দোকান বহুৱাই যানযঁটৰ সৃষ্টি কৰি আহিছিল (Eviction drive in Lanka Municipality Area in Hojai) ৷
পৌৰসভাই বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো ব্যৱসায়ী সকলে গুৰুত্ব প্ৰদান নকৰাত অৱশেষত লংকা পৌৰ সভাৰ এলেকাত পৌৰ সভাৰ নেতৃত্বত আৰু আৰক্ষীৰ সহযোগত প্ৰায় সত্তৰখন দোকানত উচ্ছেদ অভিযান চলোৱা হয় (Eviction drive in Lanka) ৷ উল্লেখ্য যে, এমাহ পূৰ্বে লংকা পৌৰ সভাই এই উচ্ছেদৰ কথা ৰাজহুৱাভাৱে ব্যৱসায়ী সকলক জনাইছিল যদিও ব্যৱসায়ীসকলে গুৰুত্ব সহকাৰে নলোৱাৰ বাবে লংকা পৌৰ সভাই আৰক্ষীৰ সহযোগত এই উচ্ছেদ অভিযান চলাই (Eviction drive in Lanka Municipality Area) ৷