Erosion in Jonai: বানৰ পাছত এইবাৰ জোনাইত গৰাখহনীয়াৰ সংহাৰী ৰূপ - Erosion in Jonai
🎬 Watch Now: Feature Video
জোনাইত আহিন মহীয়া আৱতৰীয়া বানে তাণ্ডৱ সৃষ্টি কৰাৰ পিছতে এইবাৰ লৈছে গৰাখহনীয়াই সংহাৰী ৰূপ(Flood in jonai) । বিশেষকৈ ৰামধন দিখাৰী পঞ্চায়তৰ অন্তৰ্গত বগৰীগুৰি, পাখুৰী চাপৰি আৰু চিমেন চাপৰি পঞ্চায়তৰ অন্তৰ্গত চেঙাজান গুৱালগাঁও আদি বৃহৎ অঞ্চলত ব্ৰহ্মপুত্ৰ আৰু চিয়াং-লালী নদীৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ(Erosion in Jonai) । শ শ পৰিয়ালৰ ঘৰ-বাৰী, বাট-পথ তথা খেতি-বাতি জাহ গৈছে খহনীয়াত । ফলত খহনীয়াত বিধ্বস্ত পৰিয়ালে বিভিন্ন ঠাইত আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । চৰকাৰ তথা জোনাই জলসম্পদ বিভাগকে আদি কৰি স্থানীয় জন-প্ৰতিনিধিক কেবাবাৰো আবেদন নিবেদন কৰিছে যদিও কোনোধৰণৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ বৃহৎ অভিযোগ তুলিছে স্থানীয় ভূক্তভোগী ৰাইজে ।
Last Updated : Feb 3, 2023, 8:29 PM IST