Erosion in Assam: নলবাৰীৰ লাৰকুছিত মথাউৰিত তীব্ৰ খহনীয়া - নলবাৰীৰ লাৰকুছিত মথাউৰিত তীব্ৰ খহনীয়া
🎬 Watch Now: Feature Video

নলবাৰী, ১৮ জুলাই: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লাৰকুছিত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত নিচিহ্ন হোৱাৰ দিশে এটি মথাউৰি । ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতত প্ৰৱল খহনীয়াৰ সৃষ্টি হৈছে লাৰকুছিৰ মথাউৰিত । এই মথাউৰিটোৰ বেছিভাগ অংশ ব্ৰহ্মপুত্ৰই খহাই নিয়াত নিশাৰে পৰা আতংকিত হৈছে নৈপৰীয়া ৰাইজ । মথাউৰিটোৰ প্ৰায় ৫০ মিটাৰ ঠাইত সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰৰ এই তীব্ৰ গৰা খহনীয়া ।
ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈৰ তীব্ৰ সোঁতৰ খহনীয়াত মথাউৰিটো চিঙি যোৱাৰ ইতিমধ্যে উপক্ৰম হৈছে । ফলত ৰাইজৰ মাজত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে । উল্লেখ্য যে উক্ত স্থানত মথাউৰিটো চিঙিলে বানত প্লাবিত হ'ব প্ৰায় ৩০ খনকৈ গাঁও । লগতে যাতায়াত বিচ্ছিন্ন হ'ব গুৱাহাটীৰ পৰা হাজো-দৌলাশাল হৈ বৰপেটালৈ যোৱা মূল ঘাইপথত । যাৰ বাবে ৰাইজে নিজাববীয়াকৈ মথাউৰিটো সুৰক্ষিত কৰিবলৈ চেষ্টা চলাইছে যদিও কোনোধৰণৰ সফল হ'ব পৰা নাই ।
এই বিষয়ে প্ৰশাসনক অৱগত কৰোৱাত ইতিমধ্যে উক্ত স্থানত উপস্থিত হৈছে জলসম্পদ বিভাগৰ লোকৰ লগতে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া । বিভাগীয় কৰ্তৃপক্ষই মথাউৰিটো পৰ্যৱেক্ষণ কৰি তাৎক্ষণিকভাৱে বিভাগীয় লোকৰ লগতে স্থানীয় লোকে গছৰ ডাল, মাটি আদিৰে মথাউৰিটো ৰক্ষা কৰাৰ চেষ্টা চলাই আছে। প্ৰাণৰ শংকাত বৰ্তমান মথাউৰিটোৰ দাঁতিকাষৰীয়া লোকসকল নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ।
TAGGED:
Erosion in Assam