Man Elephant conflict: জাঁজীমুখত বনৰীয়া হাতীৰ উপদ্ৰৱ - Man Elephant conflict in Assam
🎬 Watch Now: Feature Video
টীয়ক,৬ মে: যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ (Man Elephant conflict in Assam)। টীয়কৰ জাঁজীমুখত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ অব্য়াহত । শুক্ৰবাৰে জাঁজীমুখৰ কৈৱৰ্ত গড়ৰ এজন ব্যক্তিৰ বাসগৃহ ভাঙিলে বনৰীয়া হাতীয়ে (Elephant terror in Teok)। নুৰুল আলী নামৰ লোকজনৰো বাসগৃহ ভাঙিলে হাতীয়ে । নিশা প্ৰায় এক বজাত অহা দুটা হাতীয়ে শুই থকা অৱস্থাতে বাসগৃহ ভাঙি ধান চাউল খাই আঁতৰি যায় হাতী দুটা ।
উল্লেখ্য় যে, বিগত কেইবাদিনো ধৰি হাতী দুটাই আতংকৰ সৃষ্টি কৰি আছে যদিও বনবিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বনৰীয়া হাতীৰ ভয়ত এতিয়া গাওঁবাসীয়ে নিশা হ'লেই পহৰা দিছে গাঁৱত । সেয়ে এই ক্ষেত্ৰত বন বিভাগক অতি শীঘ্ৰে এক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক সকাহ দিবলৈ আহ্বান জনাইছে আতংকিত ৰাইজে ।
লগতে পঢ়ক:Data Management Workshop: বৰপেটাত বিজেপিৰ ডাটা মেনেজমেন্ট সম্পৰ্কীয় কৰ্মশালা