Elephant menace: নগাঁও জিলাৰ সৰুপথাৰত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

By

Published : Jun 24, 2023, 7:58 PM IST

thumbnail

নগাঁও, 24 জুন : হাতী-মানুহৰ সংঘাতৰ এক ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গ’ল নগাঁও জিলাৰ সৰুপথাৰত ৷ সম্পূৰ্ণ ঘৰ তচনচ কৰিলে বনৰীয়া হাতীয়ে ৷ কাৰেণ্ট নথকাৰ বাবে কথমপিহে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ ৷ 

নগাঁও জিলাৰ ৰেংবেং, কঠীয়াতলীত দিনে-নিশাই অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । এদল বনৰীয়া হাতীয়ে ৰেংবে অঞ্চলত চলালে উপদ্ৰৱ ৷ বন্যহস্তীয়ে ভাঙি পেলালে এজন লোকৰ বাসগৃহ । বাসগৃহটোৰ ক্ষতিসাধন কৰাৰ লগতে গৃহস্থই ৰোপণ কৰা সকলো গছ-গছনি ভাঙি চুৰমাৰ কৰে গজৰাজে । কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ ।

গৃহস্থই জনোৱা মতে বিজুলী যোগান ব্যৱস্থা কিছুদিনৰ পৰা নথকাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছে পৰিয়ালটো। অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক এটা সু-ব্যৱস্থা কৰি দিবৰ বাবে অনুৰোধ জনাইছে এই দৰিদ্ৰ পৰিয়ালটিৰ লোকে ।

লগতে পঢ়ক : One youth detained with Drugs: লখিমপুৰত ড্ৰাগছসহ সৰবৰাহকাৰী যুৱক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.