Elephant menace at Kaliabor: চৰকাৰে হাতী খেদাৰ ব্যৱস্থা নকৰিলে আত্মহননৰ ভাবুকি ভুক্তভোগীৰ - চৰকাৰে হাতী খেদাৰ ব্যৱস্থা নকৰিলে আত্মহত্যাৰ
🎬 Watch Now: Feature Video
কলিয়াবৰ, ১৯ ফেব্ৰুৱাৰী: বন বিভাগে বন্য়হস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰি আহিছে যদিও ৰাজ্যৰ বিভিন্ন ঠাইত অব্যাহত আছে হাতী-মানুহৰ তীব্ৰ সংঘাত (Man Elephant Conflict in Assam)। ৰাজ্য়ত নিতৌ বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাটৰ ঘটনা । ৰাজ্য়খনৰ বিভিন্ন ঠাইত বনাঞ্চলৰ পৰিমাণ হ্ৰাস পোৱাত সঘনাই খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে ক'ৰবাত যদি ঘৰ ভাঙিছে, আন ক'ৰবাত আকৌ তহিলং কৰিছে ধাননি পথাৰৰ লগতে বাৰীৰ খেতি ৷ ইয়াৰ উপৰি বন্যহস্তীৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়াও ঘটনাও সংঘটিত হৈছে ৷ শেহতীয়াকৈ কলিয়াবৰত কেইবাটাও স্থানত বিচৰণ কৰি থকা বন্যহস্তীয়ে নিদ্ৰা হৰিছে স্থানীয় ৰাইজৰ ।
শনিবাৰে নিশা পুনৰ বন্যহস্তীয়ে জখলাবন্ধাৰ দেৱসত্ৰ গাঁৱত উপদ্ৰৱ চলায় (Elephant terror in Kaliabor)। সেয়েহে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ভুক্তভোগীয়ে । ধাৰাবাহিককভাৱে ছয়বাৰকৈ হাতীৰ উপদ্ৰৱৰ সন্মুখীন হোৱা জ্যোতিকা ভাগৱতীৰ বিলাপ শুনোতা যেন কোনো নাই । শনিবাৰে এই উপদ্ৰৱৰ পিছত ক্ষোভ উজাৰি ভুক্তভোগীগৰাকীয়ে কয়, "বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰক, নহ'লে আত্মহত্যা কৰিব লাগিব । নহ'লে আমাৰ উপায় নাই ।"
বনৰীয়া হাতীৰ উপদ্ৰৱত বিপৰ্যস্ত কলিয়াবৰৰ দেৱসত্ৰবাসী । নিশা হ'লেই জখলাবন্ধাৰ দেৱসত্ৰ গাঁৱত উপদ্ৰৱ চলাই বন্যহস্তীয়ে । গাঁওখনৰ দুটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে বন্যহস্তীয়ে । নিশা গাওঁখনৰ জ্যোতিকা ভাগৱতী আৰু মামণি ভাগৱতী নামৰ মহিলা দুগৰাকীৰ বাসগৃহত উপদ্ৰৱ চলাই এটা বন্যহস্তীয়ে । এতিয়ালৈ ছয়বাৰকৈ বন্যহস্তীয়ে আক্ৰমণ কৰিছে জ্যোতিকা ভাগৱতীৰ বাসগৃহত । পকী বেৰ, খিৰিকী, বাঁহৰ বেৰ ভাঙি দৰিদ্ৰ পৰিয়ালটোৰ বহু আচবাব নষ্ট কৰিছে বন্যহস্তীয়ে । একেৰাহে ছয়বাৰকৈ বন্যহস্তীৰ আক্ৰমণত সৰ্বস্বান্ত হৈছে জ্যোতিকা ভাগৱতী নামৰ মহিলাগৰাকী ।
বন্যহস্তীৰ উপদ্ৰৱত আতংকিত কৃষক তথা স্থানীয় ৰাইজে আতচবাজী ফুটাই তথা জুই জ্বলাই হাতীৰ প্ৰৱেশত বাধা প্ৰদান কৰাৰ চেষ্টা চলাই আহিছে যদিও গাঁওবাসী ব্য়ৰ্থ হৈছে । বন্যহস্তীৰ আতংকত নিশা উজাগৰে কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । ৰাইজে হাতীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ বন বিভাগক দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত সফল হ'ব পৰা নাই ।
লগতে পঢ়ক:Heated situation in Majuli : আচামীক আটক কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ; শূন্যলৈ গুলী চালনা