Man Elephant conflict: কলিয়াবৰত পুনৰ বন্যহস্তীৰ আক্ৰমণত নিহত - কলিয়াবৰত পুনৰ বন্যহস্তীৰ আক্ৰমণত নিহত

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 3, 2023, 2:13 PM IST

কলিয়াবৰ, ৩ মে': ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । খাদ্যৰ সন্ধানত নিতৌ জনাঞ্চলত ত্ৰাস বন্যহস্তীৰ । ৰাজ্য়ৰ আন ঠাইৰ লগতে বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান  হৈছে নগাঁও জিলাৰ কলিয়াবৰৰ বহুকেইখন গাঁৱৰ ৰাইজ । ৰাইজে নিতৌ হাতীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । কিয়নো নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহে হাতীৰ বৃহৎ জাক । এফালৰ পৰা ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলাই বন্যহস্তীয়ে (Elephant terror in Kaliabor)। এনে ত্ৰাসৰ মাজতেই কলিয়াবৰত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজন লোকৰ (Elephant attacked man in Nagaon) ।

জিলাখনৰ শালনাৰ লেংটেঙৰ আমগুৰিত মঙলবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত নিহত হয় অজিত চাওৰা নামৰ লোকজন । নিজ বাসগৃহৰ চৌহদতে বন্যহস্তীয়ে আক্ৰমণ কৰে লোকজনক । দিজু সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য সন্ধানত ওলাই আহিছিল এটা বন্যহস্তীৰ জাক । বন্যহস্তীৰ জাকটোক খেদিবলৈ পুত্ৰসহ ঘৰৰ বাহিৰলৈ ওলাই যাওতেই আক্ৰমণ কৰে অজিত চাওৰাক । কথমপি প্ৰাণ ৰক্ষা পৰে অজিত চাওৰাৰ পুত্ৰৰ । পুৱা ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক:Pollution in Sivasagar: বিষাক্ত হৈছে শিৱসাগৰৰ তিনিখন নদীৰ পানী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.