ধেমাজিত দুদিনীয়াকৈ অনুষ্ঠিত একাংকিকা নাট প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 6:47 PM IST

thumbnail

ধেমাজি, 9 ডিচেম্বৰ : শুকুৰবাৰৰ পৰা ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণি একাংকিকা নাট প্ৰতিযোগিতা ৷ 45 সংখ্যক উক্ত নাট প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ 21 টা আগশাৰীৰ নাট্যদলে অংশগ্ৰহণ কৰিছে ৷

শুকুৰবাৰে পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ পিছত সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সমবেত সংগীতেৰে মঞ্চ মুকলি কৰা হয় ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ উক্ত অনুষ্ঠানতে ‘নাট্যপ্ৰজ্ঞা’ নামৰ স্মৃতিগ্ৰন্থও উন্মোচন কৰে মন্ত্ৰী পেগুৱে ৷ ইয়াৰ পিছতে সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱা, মানৱ জীৱনত নাটৰ প্ৰয়োজনীয়তা আৰু চৌষষ্ঠিবিধ কলা চৰ্চাৰ ওপৰত বক্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে, কেৱল খাদ্য, নিদ্ৰাৰ দ্বাৰাই মানুহে জীয়াই থাকিব নোৱাৰে ৷ মানুহৰ জীৱন-ধাৰণত অৱসৰ বিনোদনৰো প্ৰয়োজন আছে ৷ কেৱল কাম আৰু খাদ্যৰে মানুহ জীয়াই থাকিব নোৱাৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷  

লগতে পঢ়ক : পকিবলৈ ধৰিছে সুস্বাদু কমলা, ইষ্ট ছিয়াঙৰ ৰসাল কমলাৰে ভৰিছে অসমৰ বজাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.