Ek Asom Yatra in tinsukia: তিনিচুকীয়া উপস্থিত অসম জাতীয় পৰিষদৰ “এক অসম যাত্ৰা”

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 2:30 PM IST

thumbnail

তিনিচুকীয়া, ৭ অক্টোবৰ : অসম জাতীয় পৰিষদৰ ধুবুৰীৰ পৰা আৰম্ভ কৰা “এক অসম যাত্ৰা” ই শনিবাৰে ১৭ নম্বৰ দিনত প্ৰৱেশ কৰে ৷ এই দিনটোত অসম জাতীয় পৰিষদৰ “এক অসম যাত্ৰা”ৰ দলটো উপস্থিত হয় তিনিচুকীয়া জিলাত ৷

উক্ত দিনটোৰ পুৱাই তিনিচুকীয়াৰ ঐতিহাসিক পানীতোলা বৰনামঘৰত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈসহ পৰিষদৰ সঁজাতি দল ৷ ঐতিহাসিক পানীতোলাৰ বৰনামঘৰত উপস্থিত হৈ চাকিবন্তি জ্বলাই আশীৰ্বাদ গ্ৰহণ কৰি "তিনিচুকীয়াত পদযাত্ৰা"ৰ আৰম্ভ কৰে দলটোৱে ৷

পৰৱৰ্তী সময়ত নামঘৰত সভাপতি লুৰীণজ্যোতি গগৈক ভক্তবৃন্দসকলে গামোচা আৰু চেলেঙেৰে মৰম আৰু শুভাশীষ জনায় ৷ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে বাৰ্তালাপ কৰে স্থানীয় ভক্তবৃন্দসকলৰ সৈতে ৷ লুৰীণজ্যোতি গগৈৰ লগতে কেইবাগৰাকীও পৰিষদৰ জ্যেষ্ঠ কৰ্মকৰ্তাই আশীৰ্বাদ গ্ৰহণ কৰি দিনটোৰ পদযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰে ৷

লগতে পঢ়ক : Ek Asom Yatra : মানুহৰ মৌলিক সমস্যা সমূহ সমাধান কৰাত চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে; লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.