thumbnail

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 7:23 AM IST

Updated : Oct 17, 2023, 9:08 AM IST

ETV Bharat / Videos

Vedic Mathematics is a mathematical technique; বৈদিক গণিত মানে গণিত শিকাৰ কৌশল: ডাঃ ৰণোজ পেগু

ধেমাজি, 17 অক্টোবৰ : ‘‘বহুত মানুহে বৈদিক গণিত মানে বেদ, পুৰাণৰ কথা বুলি ভাবে ৷ কিন্তু বেদ, পুৰাণৰ লগত কোনো সম্পৰ্ক নাই বৈদিক গণিতৰ । ই হৈছে অংক শিকা এক বিজ্ঞানসন্মত পদ্ধতিহে ৷’’ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

লগতে তেওঁ ৰাজ্যত এতিয়াৰে পৰা বিদ্যালয়সমূহত বিশেষকৈ ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ কৰি ওপৰৰ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীক বৈদিক গণিতৰ শিক্ষা দিব বুলিও সংবাদ মাধ্যম আগত উল্লেখ কৰে ৷

সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে আৰু কয় যে আনকি শিক্ষকসকলক বৈদিক গণিতৰ প্ৰশিক্ষণ দিবৰ বাবে যাৱতীয় ব্যৱস্থাগ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে ৷ ইয়াৰ বাবে বিদ্যালয়সমূহত প্ৰয়োজনীয় আহিলাপাতি যোগান ধৰিছে শিক্ষা বিভাগে ৷

লগতে পঢ়ক : Chief Minister Visit at Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে 100 কোটি টকাৰ পেকেজ ঘোষণা

Last Updated : Oct 17, 2023, 9:08 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.