ৰাতিৰ ভিতৰতে ই-ৰিক্সা চালক হৈ পৰিল ১৮ লাখ টকীয়া Mahindra XUV 700 ৰ মালিক - লটাৰী খেল
🎬 Watch Now: Feature Video
Published : Dec 20, 2023, 2:13 PM IST
বৰপেটাৰোড, 20 ডিচেম্বৰ : কঁপাল ফুলিল বৰপেটাৰোডৰ এগৰাকী ই-ৰিক্সা চালকৰ ৷ মাত্ৰ 50 টকাৰ বিনিময়ত বৰপেটাৰোডৰ এগৰাকী ই-ৰিক্সা চালকে লাভ কৰিলে ১৮ লাখ টকাৰ Mahindra XUV 700 বিলাসী বাহন ৷ বৰপেটাৰোডৰ ৰাস মন্দিৰ উন্নয়ণকল্পে আয়োজিত উপহাৰ পত্ৰ খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে এই বাহনখন লাভ কৰে বৰপেটাৰোডৰ বাবুপাৰাৰ দৰিদ্ৰ পৰিয়ালৰ ই-ৰিক্সা চালক ৰাজু সাহাই ।
এই লটাৰী খেলখন বিগত 14 ডিচেম্বৰতেই অনুষ্ঠিত হৈছিল যদিও ই-ৰিক্সা চালক ৰাজু সাহাই ভনীয়েকৰ বিয়াৰ বাবে উপহাৰ পত্ৰৰ নম্বৰ মিলাব পৰা নাছিল ৷ মঙলবাৰে ই-ৰিক্সা চালক ৰাজু সাহাই নিজৰ লটাৰী টিকটৰ নম্বৰ মিলোৱাৰ পাচত তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰাটো নিশ্চিত হয়।
এই পুৰস্কাৰ লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰে ই-ৰিক্সা চালকগৰাকী ৷ সাহাই লটাৰীত পোৱা প্ৰথম পুৰস্কাৰ বাহনখন বিক্ৰী কৰি মাটি ক্ৰয় কৰিব বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: চামাৰ-উইণ্টাৰ-ৱেডিং ফেশ্বনৰ টিপছ কণ্ঠশিল্পী সঞ্জিতা খাউণ্ডৰ মুখেৰে