Durga puja 2023: হোজাইত দুৰ্গা পূজাৰ প্ৰস্তুতি অন্তিম পৰ্যায়ত, ব্যস্ত মৃন্ময় শিল্পীসকল - হোজাই

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 8:31 AM IST

হোজাই, 17 অক্টোবৰ : ৰাজ্যত ঠায়ে ঠায়ে দুৰ্গা মাৰ প্ৰতিমা নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল । শাৰদীয় দুৰ্গোৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা আৰু বাঢ়িছে মৃন্ময় শিল্পীসকলৰ । অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাটো দুৰ্গোৎসৱক লৈ মৃন্ময় শিল্পীসকলৰ ব্যস্ততাৰ অন্ত নাই ।

শাৰদীয় দুৰ্গোৎসৱলৈ সন্মুখত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দিন-ৰাতি কঠোৰ পৰিশ্ৰম কৰি এতিয়া প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হোজাইৰ ভালুকমাৰিৰ মৃন্ময় শিল্পীসকল । ভালুকমাৰিৰ মৃন্ময় শিল্পীয়ে নিৰ্মাণ কৰা প্ৰতিমা লংকা, ডৱকা, হালধীয়াটি, আকাশী গংগাৰ লগতে নিয়া হ’ব চুবুৰীয়া জিলা কাৰ্বি আংলংলৈয়ো ।

হোজাই জিলাৰ 22 খনৰো অধিক মৃৎ শিল্পালয়ৰ লগতে ভালুকমাৰিৰ “মা মনসা শিল্পালয়”ৰ মৃৎ শিল্পীসকল এতিয়া প্ৰতিমা নিৰ্মাণত দিনে-নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । প্ৰতিমা নিৰ্মাণত ব্যস্ত থকা খনিকৰ সকলৰো আশা-শাৰদীয় দুৰ্গোৎসৱে সকলৰো জীৱনলৈ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব ।

লগতে পঢ়ক : Durga puja 2023 : মৰাণৰ মানস প্ৰতিমে শিল্প কৰ্মৰ জৰিয়তে দেখুৱাইছে আদৰ্শ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.