Durga Puja 2023: আন্তঃৰাষ্ট্ৰীয় বক্সাৰ অভিজিৎ বৰুৱাৰ গৃহত দুৰ্গা পূজা - Festival in Assam

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 9:29 AM IST

যোৰহাট,২২ অক্টোবৰ: চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ । দেৱী বন্দনাত মুখৰিত সমগ্ৰ ৰাজ্য । ঢাক-ঢোলৰ শব্দই গঢ়ি তুলিছে এক আধ্যাত্মিক পৰিৱেশৰ । নেতা-পালিনেতাৰ পৰা আদি কৰি সকলোৱে আশিস লৈছে দেৱী দুৰ্গাৰ । স্ব-গৃহতে আয়োজিত অস্থায়ী পূজা মণ্ডপত প্ৰত্যেক বৰ্ষৰ দৰে এইবৰ্ষতো আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ অভিজিৎ বৰুৱাই সপৰিয়ালে সেৱা ল'লে দেৱী দুৰ্গাৰ চৰণত ।

যোৰহাট আটিলা গাঁৱত অনুষ্ঠিত এই পূজাখনিত কাষৰীয়া ৰাইজেও সম্পূৰ্ণৰূপে সহায়-সহযোগিতা আগবঢ়াই আহিছে । আনহাতে আন্তঃৰাষ্ট্ৰীয় বক্সাৰ অভিজিত বৰুৱাই দেৱীৰ আশিস লৈ ক্ৰীড়া ক্ষেত্ৰখনত অধিক আগবাঢ়ি গৈ যাতে দেশ আৰু অসমী আইৰ নাম অধিক উজ্বলাই তুলিব পাৰে তাৰ বাবে অধিক শক্তি প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । 

লগতে পঢ়ক: Durga Puja 2023: পূজাৰ বতৰত কিয় খং উঠিল বিধায়ক বিনোদ হাজৰিকাৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.