Durga Puja 2023 : বাক্সাৰ মেৰকুছি শাৰদীয় দুৰ্গোৎসৱৰ 25 বছৰ পূৰ্ণ - এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী
🎬 Watch Now: Feature Video


Published : Oct 21, 2023, 5:55 PM IST
বাক্সা, 21 অক্টোবৰ : আজি মহাসপ্তমী । ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ বাক্সাতো পুৱাৰে পৰা চলিছে সপ্তমী পূজাৰ মহা আয়োজন । বাক্সাৰ মেৰকুছি শাৰদীয় দুৰ্গোৎসৱে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে ৷ এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শনিবাৰে বাহিৰ কৰা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ।
এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈ আৰু আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ে । এই সাংস্কৃতিক শোভাযাত্ৰাত বিহু নৃত্য, বড়ো জনগোষ্ঠীৰ খেৰাই নৃত্য, নেপালী নৃত্য, কোচ ৰাজবংশীৰ নৃত্য আদি প্ৰদৰ্শন কৰা হয় ৷
ষষ্ঠীৰ বেদীত মা দুৰ্গাক প্ৰতিষ্ঠা কৰাৰ পাচতে বাক্সাৰ মেৰকুছি শাৰদীয় দুৰ্গোৎসৱৰ মণ্ডপত ভক্তৰ লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে ৷
লগতে পঢ়ক : Durga puja at Devi Dol : শিৱসাগৰৰ দেৱী দৌলত দুৰ্গা পূজাৰ ব্যাপক আয়োজন