Durga puja 2023: প্ৰতিমা বিসৰ্জন নিদিয়ে জাপৰিগোগ সাৰ্বজনীন পূজা সমিতিয়ে - durga puja committee in guwahati
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/19-10-2023/640-480-19808892-thumbnail-16x9-durga-puja-pandal.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 19, 2023, 7:03 PM IST
গুৱাহাটী, ১৯ অক্টোবৰ : দুৰ্গা পূজাৰ হৈ-হাল্লাৰ মাজতে আপোনালোকলৈ আগবঢ়াইছো এটা অতিকে জৰুৰী খবৰ ৷ বৰ্তমান সময়ত খুবেই প্ৰাসংগিক এই বাৰ্তা, যি বাৰ্তা কঢ়িয়াই আনিছে জাপৰিগোগ সাৰ্বজনীন পূজা সমিতিয়ে ৷ এইখন পূজা সমিতিয়ে এইবছৰৰ পৰা বিসৰ্জন নিদিয়ে মূৰ্তি ৷ এই সাহসী, প্ৰশংসনীয় আৰু অতিকে গুৰুত্বপূৰ্ণ পদক্ষেপটো তেওঁলোকে লৈছে প্ৰদূষণমুক্ত পৰিৱেশ আৰু স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৷ বৰ্তমান সময়ত উন্নয়নৰ নামত যি হাৰত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে তথা পৰিৱেশ প্ৰদূষণ হৈছে তাৰ মাজত তেওঁলোকৰ এই প্ৰচেষ্টা সঁচাই শলাগিবলগীয়া ৷
সদৌ জাপৰিগোগ সাৰ্বজনীন পূজা সমিতি আৰু কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা ৪১ সংখ্যক দুৰ্গা পূজাৰ এইবাৰ মূল আকৰ্ষণ হৈছে ৬০ ফুট উচ্চতাৰ বাঁহ-বেত, কাঠেৰে নিৰ্মাণ কৰা বিশাল মা দুৰ্গাৰ প্ৰতিমা । জাপৰিগোগ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে প্ৰদূষণ নিৰ্মূলৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰি উলিয়াইছে দেৱী দুৰ্গাৰ স্থায়ী প্ৰতিমা । এই উপলক্ষে বৃহস্পতিবাৰে পুৱা ৮ বজাত যথানিহিত ৰীতি-নীতিৰ মাজেৰে দেৱী দুৰ্গা প্ৰতিমা প্ৰতিষ্ঠা কৰা হয় । এই প্ৰতিমাৰ লগত সংগতি ৰাখি আনুষংগিক কামত ব্যয় কৰা হৈছে প্ৰায় ৪০ লাখ টকা ।
দেৱী দুৰ্গা প্ৰতিমা প্ৰতিষ্ঠাৰ পিচত দিনৰ ভাগত ৭ জন পুৰোহিতে দহ হাজাৰ এশ আঠটা বেল পাতৰে হোমযজ্ঞ অনুষ্ঠিত কৰাৰ লগতে আয়তীসকলৰ দ্বাৰা নাম প্ৰসংগ অনুষ্ঠিত কৰা হয় । উল্লেখ্য যে, ৰাসায়নিক দ্ৰব্য মিহলাই প্ৰস্তুত কৰা দুৰ্গা প্ৰতিমা নৈত বিসৰ্জন দিয়াৰ ফলত হ’ব পৰা প্ৰদূষণ ৰোধ কৰাৰ উদেশ্য আগত ৰাখি জাপৰিগোগ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে স্থায়ী দুৰ্গা মূৰ্তি প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰে ।
লগতে পঢ়ক : Durga puja 2023: দুৰ্গা পূজাত যাওক কেদাৰনাথ মন্দিৰ দৰ্শনলৈ