Dumper hits puja pandal : তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে বেলতলা লক্ষী মন্দিৰৰ পূজা সমিতিৰ মূল তোৰণ

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 11:59 AM IST

thumbnail

গুৱাহাটী, 16 অক্টোবৰ: শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষণত মহানগৰীৰ বেলতলাত অঘটন । তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে পূজা সমিতিৰ মূল তোৰণ । ঐতিহ্যমণ্ডিত বেলতলা লক্ষ্মী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজাৰ আছিল তোৰণখন । চাৰিদিন পূৰ্বে নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল যদিও ডাম্পাৰৰ খুন্দাত ভাঙি পৰাৰ ফলত পুনৰ নিৰ্মাণ কৰিব লগা হৈছে তোৰণখন । 

লগতে তীব্ৰবেগী ডাম্পাৰখনে এডাল গছত খুন্দিয়াই মহতিয়াই নিলে পদপথৰ দুখনকৈ দোকান । দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰ এৰি পলায়ন কৰে চালক হেণ্ডিমেনে । দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 01 KC 9789 । উল্লেখ্য যে দুৰ্গা পূজালৈ মাজত মাথো তিনিটা দিন বাকী থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ তোৰণখন ভাগি পৰাত এতিয়া বিপাঙত পৰিছে তোৰণ নিৰ্মাণৰ সৈতে জড়িত হৈ থকা বনুৱাৰ লগতে পূজা সমিতি । 

লগতে পঢ়ক: Khanapara Firing Update: প্ৰেমৰ বাবেই সংঘটিত হৈছিল খানাপাৰাৰ গুলীচালনা; তিনিজনক গ্ৰেপ্তাৰ; তদন্ত অব্যাহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.